NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট য়ুনাইটেডৰ অংশ হ’বলৈ উত্তৰ-পূবৰ যুৱ ফুটবলাৰৰ বাবে সুযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2019 12:01 pm
NEUFC YOUTH

আই এছ এলত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰি নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি নামেৰে দল গঠন কৰি গুৱাহাটীক গৃহভূমি হিচাপে লোৱা দলটোৱে যুৱ দল গঠনৰ উদ্দেশ্যে অহা ২৭ আৰু ২৮ জুলাইত সৰুসজাই ষ্টেডিয়ামত এক ট্ৰায়েল শিবিৰৰ আয়োজন কৰিছে।

দুটা পৃথক বয়স গোটৰ মাজেৰে নিৰ্বাচিত কৰা হ’ব ফুটবলাৰ। সেয়ে এই শিবিৰটো দুদিনীয়াকৈ অনুষ্ঠিত হ’ব বুলি জনায়।

দলীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি ২০০৩ চনৰ ১ জানুৱাৰিৰ পৰা ২০০৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা খেলুৱৈ সকলে ২৭ জুলাইত হ’ব লগীয়া শিবিৰত অংশগ্ৰহণ কৰিব লাগিব।

আনহাতে ২০০৭ চনৰ ১ জানুৱাৰিৰ পৰা ২০০৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা খেলুৱৈসকলক ২৮ জুলাইৰ শিবিৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। দুয়ো দিনে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব শিবিৰ।

ট্ৰায়েল শিবিৰত উপস্থিত থাকিব বিচৰা যুৱ ফুটবলাৰ সকলে জন্মৰ প্ৰমাণপত্ৰ, চৰকাৰী পৰিচয়পত্ৰ, দুখন পাছপ’ৰ্ট আকাৰৰ ফটো লগত আনিব লাগিব।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে অসম তথা উত্তৰ-পূবৰ প্ৰতিভাধৰ যুৱ ফুটবলাৰ সকলক উচিত প্লেটফ’ৰ্ম দিয়াৰ উদ্দেশ্যে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক্লাব কৰ্তৃপক্ষই উল্লেখ কৰে।