NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ভংয়কৰ পথ-দুৰ্ঘটনা; থিতাতে মৃত্যু যুৱকৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 25, 2019 11:08 am

মঙলবাৰে নিশা বোকাখাতত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত যুৱকজনক বোকাখাতৰ কলাখোৱাৰ বাসিন্দা অজয় দাস বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে কালি নিশা বোকাথাতৰ শিলজুৰিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত স্কুটি আৰু এখন মালবাহী ট্ৰাকৰ মাজত লগা মুখামুখি সংঘৰ্ষৰ ফলত স্কুটি আৰোহী অজয় দাসৰ ঘটনাস্থলীতে ম়ৃত্যু হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে অজয় দাসৰ শৰীৰৰ ওপৰেৰে ট্ৰাকখন উঠি যোৱাৰ ফলত তেওঁৰ এটা ভৰি সম্পূৰ্ণৰূপে চিগি যোৱাৰ লগতে স্কুটিখন ভাগি চূৰমাৰ হৈ যায়।

উল্লেখযোগ্য যে নিহত অজয় দাস কাজিৰঙা অগৰাতলী বনাঞ্চলৰ জীপ চাফাৰীৰ সৈতে জড়িত আছিল।

দুৰ্ঘটনাৰ পিছত বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘাটিত কৰা এ এছ ০১ কে চি ৪০৮৯ নম্বৰৰ মালবাহী ট্ৰাকখন জব্দ কৰে।