NORTHEAST NOW (Assamese)
অসম

সাংবাদিক পৰাগ ভূঞাক খুন্দিয়াই মৃত্যু ঘটোৱা বাহন জব্দ, দুজনক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 2:37 pm
Parag-Bhuyan-car-750x430

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভুঞাক খুন্দিয়াই মৃত্যু ঘটোৱা বাহন খন অৱশেষত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।বিশেষ সূত্ৰে জানিব পৰা মতে আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ নম্বৰ AS 23BC7881 ।

আৰক্ষীয়ে বাহন খনৰ চালক জেমছ মুৰাৰ লগতে হেণ্ডিমেন বাবা বৰদলৈক আটক কৰিবলৈ সক্ষম হৈছে।

বাহন খনৰ গৰাকী নামচাই আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি গাঁৱৰ এজন ব্যক্তি বুলি জানিব পৰা গৈছে।উল্লেখ্য কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক, নৱগঠিত অসম জাতীয় পৰিষদ দলৰ আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাক ঘৰৰ সন্মখতে এখন অচিনাক্ত বাহনে খুন্দিয়াই থৈ গৈছিল।

বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বিশিষ্ট সাংবাদিক গৰাকীক নিজ বাসগৃহৰ সন্মুখতে এখন অচিনাক্ত বাহনে মহতিয়াই থৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইয়াৰ পিছতে সাংবাদিক গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যু হয়।

সাংবাদিক পৰাগ ভূঞাৰ মৃ্ত্যুত কাকপথাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

নীতিনিষ্ঠ সাংবাদিক গৰাকীয়ে সাংবাদিকতাৰ জীৱনত দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন বাতৰি পৰিৱেশন কৰি দুষ্ট চক্ৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ লগতে সাংবাদিকসকলে সাংবাদিক গৰাকীক পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰি হত্যা কৰা বুলি দাবী কৰি তদন্তৰ দাবী তুলিছে।

প্ৰয়াত সাংবাদিক পৰাগ ভুঞা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান প্ৰতিদিন টাইম আৰু দৈনিক বাতৰি কাকত অসমীয়া খবৰৰ কাকপথাৰৰ সংবাদদাতা আছিল।