NORTHEAST NOW (Assamese)
অসম

সাংবাদিক পৰাগ ভূঞাৰ অকাল বিয়োগত শোক প্ৰকাশ মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 2:28 pm

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিশিষ্ট সাংবাদিক তথা জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি পৰাগ ভূঞাৰ এক অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰি কয়, ‘তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি তথা প্ৰতিদিন টাইম আৰু অসমীয়া খবৰৰ সংবাদদাতা পৰাগ ভূঞাৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো’।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য সেৱা স্মৰণীয় হৈ থাকিব। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ’।

উল্লেখ্য যে, বুধবাৰে নিশা সাংবাদিক গৰাকীক নিজ বাসগৃহৰ সন্মুখতে অচিনাক্ত এখন বাহনে খুন্দিয়াই থৈ যায়।

এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা ভূঞাক লগে লগে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে।

উল্লেখ্য যে সাংবাদিক গৰাকীয়ে জিলাখনত সংঘটিত হৈ থকা বিভিন্ন দুৰ্নীতি আৰু অনিয়ম ৰাজহুৱা কৰাৰ পিছৰে পৰা তেওঁ দুষ্ট চক্ৰৰ লক্ষ্য হৈ পৰিছিল।

ইফালে এই ঘটনা পৰিকল্পিত হত্যা বুলি তিনিচুকীয়াৰ লগতে তেওঁৰ পৰিচিত বিভিন্ন লোকে অভিযোগ উত্থাপন কৰি চৰকাৰৰ ওচৰত উচিত তদন্ত কৰাৰ দাবী কৰিছে।