NORTHEAST NOW (Assamese)
অসম

জুৰীয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ January 23, 2022 5:25 pm

অসমৰ বিভিন্ন ঠাইৰ ঘাইকৈ সংখ্যালঘূ সম্প্ৰদায়ৰ নাবালিকা কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱতী, ন-বিবাহিতা মহিলা আৰু বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰ পত্নীৰ মোবাইলত ফোন যোগে চিনাকি হৈ বিয়াৰ মিছা প্ৰলোভন দি বহিঃৰাজ‍্যলৈ নি বিভিন্ন ৰেষ্টোৰা, হোটেল আৰু আন ধনী ব্যৱসায়ীৰ সৈতে দেহ ব্যৱসায়ত লিপ্ত কৰোৱা এক নাৰী ব্যৱসায়ী চক্ৰৰ মাস্টাৰমাইণ্ডক নগাঁও জিলাৰ ধুপগুৰী পথাৰৰ পৰা আজি জুৰীয়া আৰক্ষীয়ে আটক কৰিছে।

জুৰীয়াৰ কদমনি পথাৰৰ ভুক্তভোগী এগৰাকী যুৱতীক বিয়া পতাৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যলৈ নি বন্দী কৰি অনৈতিক কাৰ্য্যত লিপ্ত কৰাই লাখ লাখ টকা ঘটাৰ সহজ পন্থা অৱলম্বন কৰিছিল ধৃত ফুজাইল আহমেদে।

জুৰীয়াৰ ভুক্তভোগী যুৱতী গৰাকীয়ে জুৰীয়াত থকা দেউতাকৰ সৈতে গোপনে যোগাযোগ কৰি সবিশেষ বৰ্ণনা কৰাত আৰক্ষীৰ সহযোগত তামিলনাডুৰ পৰা যুৱতী গৰাকীয়ক উদ্ধাৰ কৰাৰ লগতে ভুক্তভোগী কিশোৰীৰ অভিযোগৰ ভিত্তিত আটক কৰা হয় নাৰী সৰবৰাহকাৰী ফুজাইল আহমেদক।

নাৰী ব্যৱসায়ী এই চক্ৰৰ কৱলত এতিয়াও অসমৰ বহু যুৱতী বন্দী হৈ আছে বুলিও কিশোৰী গৰাকীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে ধৃত ফুজাইল আহমেদক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

বিয়াৰ মিছা প্ৰলোভন দি বহিঃৰাজ‍্যলৈ নি দেহ ব্যৱসায়ত লিপ্ত কৰোৱা নাৰী ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। এই নাৰী ব্যৱসায়ী চক্ৰ শীঘ্ৰে উৎখাত কৰিবলৈ সংগঠনটোৰ নেতৃবৃন্দই আহ্বান জনাইছে।