NORTHEAST NOW (Assamese)
Popular Stories

আপৰ দাবী; গৃহবন্দী কৰা হৈছে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2020 1:27 pm
delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal-750x375

আম আদমী পাৰ্টিৰ প্ৰমুখ তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আৰক্ষীয়ে গৃহবন্দী কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলটোৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজে।

কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক সোমবাৰে সাক্ষাৎ কৰাৰ পিছৰে পৰা কেজৰিৱালক গৃহবন্দী কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰে।

অৱশ্যে দিল্লী আৰক্ষীয়ে আম আদমী পাৰ্টিৰ এই অভিযোগক সম্পূৰ্ণৰূপে খাৰিজ কৰা পৰিলক্ষিত হয়।

সৌৰভ ভৰদ্বাজে সংবাদমেলৰ জৰিয়তে অভিযোগ উত্থাপন কৰি কয়, ‘গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি, কৃষকসকলক সাক্ষাৎ কৰাৰ পিছৰে পৰা দিল্লী আৰক্ষীয়ে মুখ্য মন্ত্ৰী কেজৰিৱালক গৃহবন্দী কৰি ৰাখিছে। কোনো লোককে তেওঁৰ বাসগৃহলৈ অহা-যোৱা কৰিবলৈ দিয়া হোৱা নাই’।

তেওঁ লগতে অভিযোগ কৰি কয়, ‘আমাৰ বিধায়কসকলক মাৰপিট কৰিছে। তাত বেৰিকেড স্থাপন কৰা হৈছে আৰু ঘৰুৱা সহায়কাৰী সকলকো ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই’।

‘আমি সকলোৱে মুখ্য মন্ত্ৰী আৱাসলৈ যাত্ৰা কৰিম আৰু এইটো সুনিশ্চিত কৰিম যে মুখ্য মন্ত্ৰীক এৰি যাতে দিয়া হয়’, সংবাদমেলত এইদৰে কয় ভৰদ্বাজে।

আম আদমী পাৰ্টিৰ এই অভিযোক খণ্ডন কৰি দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, ‘এইটো সঁচা নহয়। মুখ্য মন্ত্ৰী যিকোনো স্থানলৈ অহা যোৱা কৰিব পাৰে। আই তেওঁৰ আৱাসগৃহৰ সন্মুখত সিৰক্ষাকৰ্মী নিয়োজিত কৰিছো। তদুপৰি কালি সন্ধিয়াও তেওঁ বাহিৰলৈ ওলাইছিল’।

তেওঁ লগতে কয়, ‘সাধাৰণ লোকৰ অহা-যোৱাত কোনো বাধা নাই। বিজেপি আৰু আপ কৰ্মীৰ মাজত হ’ব পৰা যিকোনো সংঘৰ্ষ ৰোধ কৰিবলৈহে আমি তাত নিৰাপত্তাৰক্ষী নিয়োজিত কৰিছো’।

উল্লেখ্য যে সোমবাৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে সিন্ধু সীমান্তত উপস্থিত হৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক সাক্ষাৎ কৰি তেওঁৰ সমৰ্থন আগবঢ়ায়।