NORTHEAST NOW (Assamese)
অসম

কৃষকৰ ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিৱসাগৰত; কেইবাজনো বন্ধৰ সমৰ্থনকাৰীক আটক

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 8, 2020 12:36 pm

বিজেপি চৰকাৰে দেশত কৃষক বিৰোধী যি আইন প্ৰণয়ণ কৰিবলৈ লৈছে তাৰ প্ৰতিবাদত আজি কৃষক সংগঠন সমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰা  দেখা গ’ল শিৱসাগৰত।

পুৱাই বন্ধৰ সমৰ্থক সকলে শিৱসাগৰৰ বিভিন্ন স্থানত ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ভাৰত বন্ধৰ ফলত শিৱসাগৰৰ দোকান পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ হোৱাৰ লগতে চৰকাৰী, বে-চৰকাৰী যান-বাহন চলাচল বন্ধ হোৱা পৰিলক্ষিত হয়।

কৃষক সংগঠনৰ আজি ভাৰত বন্ধক অসমৰ বিভিন্ন দল-সংগঠনে সমৰ্থন জনোৱাৰ লগতে বন্ধ সফল কৰিবলৈ বিভিন্ন লোক শিৱসাগৰৰ ৰাজপথলৈ ওলাই অহা দেখা যায়।

কৃষকৰ এই ভাৰত বন্ধ ৰাইজৰ দল, প্ৰদেশ কংগ্ৰেছ, বামপন্থী দল, বীৰ লাচিত সেনা, ঐক্য সেনা, অনুসূচীত জাতি ছাত্ৰ সন্থা, আক্ৰাছু, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত ছাত্ৰ ফডাৰেশ্যন, নিখিল ভাৰত যুৱ ফেডাৰেশ্যনকে ধৰি বহু দল-সংগঠনে সমৰ্থন আগবঢ়ায়।

বন্ধ সমৰ্থনকাৰীক আটক কৰাৰ সময়ত। ফটো : নৰ্থ-ইষ্ট নাও

ইপিনে বন্ধ সফল কৰিবলৈ ৰাজপথলৈ ওলাই অহা বহু দল-সংগঠনৰ নেতা, কৰ্মীসহ বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাক শিৱসাগৰ আৰক্ষীয়ে আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।