NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৰাষ্ট্ৰীয় পুষ্টি মাহৰ উদ্বোধনী অনুষ্ঠান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 11, 2020 6:15 pm
National Nutrition Month inaugurated in Sivasagar

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলাখনত তৃতীয় বাৰ্ষিক পুষ্টি মাহৰ শুভ উদ্বোধন কৰে।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ক’ভিড-১৯ সংক্ৰান্তীয় সম্পূৰ্ণ স্বাস্থ্য বিধি পালন কৰি আয়োজন কৰা এই অনুষ্ঠানত উপায়ুক্ত গগৈয়ে প্ৰতিটো শিশুৱেই ভৱিষ্যতৰ শক্তিশালী মানৱ সম্পদ বুলি উল্লেখ কৰি কয় যে, শিশুসকলৰ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰিব লাগিব।

তেওঁ সংশ্লিষ্ট সকলোকে ক’ভিড-১৯ ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সম্ভাব্য গণ-সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সমূহ পালন কৰি ৰাষ্ট্ৰীয় পুষ্টি মাহৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰি জনসাধাৰণৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ আহ্বান জনায়।

তেওঁ ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক ব্যাপক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত থাকি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই প্ৰসূতি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ মুখ্য কাৰক ৰক্তহীনতা তথা পুষ্টিহীনতা বুলি উল্লেখ কৰে।

তেওঁ মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে ৰাইজক পুষ্টিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ আহ্বান জনায়।

সুষম আহাৰৰ বিষয়ে পৰিয়াল আৰু সমাজ সচেতন হোৱাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ সন্দিকৈয়ে কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কে এক চমু আভাস দাঙি ধৰে।

তেওঁ অংগনৱাদী কেন্দ্র সমূহত পুষ্টিকৰ শাক-পাচলি উৎপাদন কৰাৰ বিষয়ে ৪০ গৰাকী অংগনৱাদী কৰ্মী-সহায়িকাক অহা ১৭ ছেপ্টেম্বৰ তাৰিখে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে।

জিলা সমাজ কল্যান বিষয়া দীপালি দেৱীয়ে আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে পালন কৰিবলগীয়া কাৰ্যসূচী সমূহৰ বিষয়ে এক চমু অৱলোকন দাঙি ধৰে।

এই অনুষ্ঠানত সহযোগী বিভাগ সমূহৰ লগত ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এক সমকেন্দ্ৰিক সভাও অনুষ্ঠিত হয়।