NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ সুন্দৰীদিয়াত চিলিণ্ডাৰ বিস্ফোৰণ; এজন আহত

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস April 24, 2019 4:23 pm
বৰপেটাৰ সুন্দৰীদিয়াত চিলিণ্ডাৰ বিস্ফোৰণ; এজন আহত

ৰপেটা জিলাৰ সুন্দৰীদিয়াত আজি চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হৈ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১২ বজাত সুন্দৰীদিয়াৰ এখন চাহ দোকানত উক্ত বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণৰ ফলত এজন লোক আঘাতপ্ৰাপ্ত হ’ব লগীয়া হোৱাৰ লগতে চাহ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে।

আঘাতপ্ৰাপ্ত লোকজন দোকানখনৰ স্বত্বাধিকাৰী বুলি চিনাক্ত কৰা হৈছে।

বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে বৰপেটা অগ্নিনিৰ্বাপক বাহিনীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাৰ লগতে লোকসকসক নিৰাপদে উদ্ধাৰ কৰে।