NORTHEAST NOW (Assamese)
অসম

শিক্ষক সকলতকৈ গাহৰি পালক সকলে অধিক উপাৰ্জন কৰে; ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 6:30 pm

ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথৰ এটা বিতৰ্কিত মন্তব্যৰ ভিডিঅ’ বৃহস্পতিবাৰে ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত ৰতন লালে শিক্ষক সকলতকৈ গাহৰি পালক সকলে অধিক উপাৰ্জন কৰে বুলি মন্তব্য কৰিছিল।

‘‘এগৰাকী শিক্ষকে মাহত ১২০০০ টকা উপাৰ্জন কৰিব পাৰে কিন্তু এগৰাকী গাহৰি পালক মাহত ১৫০০০ টকালৈ উপাৰ্জন কৰিব পাৰে,’’ ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লালে লগতে কয়।

ত্ৰিপুৰাৰ মোহনপুৰত অনুষ্ঠিত এটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

ৰতন লালৰ বিতৰ্কিত মন্তব্যটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৰতন লালক ৰাজ্যখনৰ শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি দিয়াৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ত্ৰিপুৰাত প্ৰায় ৮০০০ শিক্ষকে চাকৰি হেৰুৱাবলগীয়া হৈছিল।

চাকৰি হেৰুওৱা শিক্ষক সকলে তেওঁলোকৰ হেৰুওৱা চাকৰি ঘুৰাই দিয়াৰ দাবীৰে বৃহস্পতিবাৰে খুমলুং পথ অৱৰোধ কাৰ্য্যসূচী হাতত লৈছিল।