NORTHEAST NOW (Assamese)
দেশ

‘কা‘ৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2024 3:17 pm
CAA Supreme Court

নাগৰিকত্ব সংশোধনী আইন, চমুকৈ CAA ৰূপায়ণ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।

অৱশ্যে শীৰ্ষ আদালতে আবেদনৰ উত্তৰ দিবলৈ চৰকাৰক তিনি সপ্তাহৰ সময় বান্ধি দিছে।

অহা ৮ এপ্ৰিলৰ ভিতৰত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব লাগিব।

আজি আইনখনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল শীৰ্ষ আদালতে।

যোৱা সপ্তাহত অধিসূচনা কৰা আইনখনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ২৩৭খন  আবেদন দাখিল কৰা হৈছিল।

আজি বিষয়টোৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰই।