NORTHEAST NOW (Assamese)
Popular Stories

প্ৰয়োজন সাপেক্ষে সীমান্তত সেনা বাহিনীক বল প্ৰয়োগৰ স্বাধীনতা প্ৰদান ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 8:34 pm
images

লাডাখ সীমান্তৰ গালৱান উপত্যকাত ৰক্তক্ষয়ী সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা নিহত হোৱাৰ পিছতে দেশৰ সেনা বাহিনীক প্ৰয়োজন সাপেক্ষে বল প্ৰয়োগৰ স্বাধীনতা দিছে ভাৰতে।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাক চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও নিৰ্দেশ দিছে।

চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটসহ তিনি প্ৰধানৰ সৈতে অনুষ্ঠিত বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই নিৰ্দেশ দিয়া বুলি সেনা বাহিনীৰ সূত্ৰত প্ৰকাশ।

চীনক যথোচিত প্ৰত্যুত্তৰ দিবলৈ তিনিওটা বাহিনীকে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ‘পূৰ্ণ স্বাধীনতা’ দিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে সোমবাৰে নিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোৰ বিজয় উৎসৱ যোগ দিবলৈ ৰাছিয়া ভ্ৰমণলৈ যাব।

এই যাত্ৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে চিডিএছসহ তিনি সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উক্ত পৰ্যালোচনা বৈঠকত চীনৰ সৈতে ভাৰতৰ সম্পূৰ্ণ সীমান্তত সেনা বাহিনীক তীক্ষ্ম নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।

চীনৰ সৈতে ভাৰতৰ সীমান্তৰ দৈৰ্ঘ্য প্ৰায় ৩,৫০০ কিলোমিটাৰ। সমগ্ৰ সীমান্ত এলেকাত সেনা বাহিনীক তীক্ষ্ম দৃষ্টি নিক্ষেপ কৰাৰ লগতে চীনা সেনাৰ গতি বিধিও নখদৰ্পণত ৰাখিবলৈ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।

আনকি প্ৰতিৰক্ষা দপ্তৰৰ সূত্ৰত প্ৰকাশ যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে চীনা সৈন্যৰ আগ্ৰাসনক প্ৰতিৰোধ কৰিবলৈ তথা উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনাক ফ্ৰী হেণ্ড স্বাধীনতাও দিছে।