NORTHEAST NOW (Assamese)
Popular Stories

গুৰু-শিষ্যা সম্পৰ্কক অপমান! ধৰ্ষণৰ অভিযোগ উঠিল পদ্মশ্ৰীপ্ৰাপ্ত ধ্ৰুপদী সংগীতজ্ঞৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2021 7:50 pm

যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে এটা ধ্ৰুপদী সংগীতগোষ্ঠীৰ বিৰুদ্ধে।

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ ‘গুন্ডেচা ব্ৰাদাৰ্ছ’ নামৰ হিন্দুস্তানী ধ্ৰপদী সংগীতগোষ্ঠীটোৱে দেশ-বিদেশে নিজৰ সংগীতশিল্পৰ জৰিয়তে সুখ্যাতি অজৰ্ন কৰিছে।

তদুপৰি সংগীতগোষ্ঠীটোৰ প্ৰয়াত শিল্পী ৰমাকান্ত গুন্ডেচাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল।

ৰমাকান্ত, অখিলেশ, উমাকান্ত- এই তিনিজন ভাতৃৰে গঠিত সংগীতগোষ্ঠীটোৱে মধ্যপ্ৰদেশত ‘ধ্ৰুপদী সংস্থান’ নামেৰে এখন সংগীতশিক্ষানুষ্ঠানৰো প্ৰতিষ্ঠাপক।

শেহতীয়াকৈ শিক্ষানুষ্ঠানখনৰ একাধিক ছাত্ৰীয়ে সংগীতশিল্পী ভাতৃকেইজনৰ ওপৰত ধৰ্ষণ, যৌন অত্যাচাৰ, অশ্লীল অংগীভংগীৰ অভিযোগ তুলি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰয়াত শিল্পী ৰমাকান্তও ধৰ্ষণৰ অভিযোগত সাঙোৰ খাইছে।

শিক্ষানুষ্ঠানখনৰ ৫গৰাকী ছাত্ৰীয়ে তেওঁলোকৰ দুৰ্ভাগ্যজনক অভিজ্ঞতা এক আন্তৰ্জাতিক সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে।

ইয়াৰ ভিতৰত ৰাছেল ফেয়াৰবেংকছ নামৰ এগৰাকী আমেৰিকান ছাত্ৰীয়েও গুন্ডেচা ব্ৰাদাৰ্ছৰ প্ৰতি যৌন নিৰ্যাতনৰ অভিযোগ কৰিছে।

তেওঁলোকে দাবী কৰামতে, ৰমাকান্ত গুন্ডেচাই এগৰাকী ছাত্ৰীক গাড়ীৰ পাচফালৰ চিটত বহোৱাই ছাত্ৰীগৰাকীক যৌন আচৰণ কৰে।

যেতিয়া তেওঁ ছাত্ৰীগৰাকীৰ অন্তৰ্বাস খুলিবলৈ চেষ্টা কৰে, ছাত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰে, কিন্তু ৰমাকান্তই ছাত্ৰীগৰাকীক চুমা খাব ধৰে।

ঘটনাটো সংঘটিত হোৱাৰ ৩ মাহ পাছত ছাত্ৰীগৰাকীক ৰমাকান্তই ধৰ্ষণ কৰে।

আনহাতে, ৰমাকান্তৰ ভাতৃ অখিলেশ আৰু উমাকান্তই ছাত্ৰীসকললৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনকি দুই ভাতৃয়ে জোৰ কৰি ছাত্ৰীকেইগৰাকীৰ শৰীৰত হাত দিয়াৰো চেষ্টা কৰে বুলি তেওঁলোকে কয়।

তেওঁলোকৰ এই অভিযোগ ৩ মাহ ধৰি তদন্ত চলি আছে।

কিন্তু অখিলেশ আৰু উমাকান্তই অভিযোগসমূহ অস্বীকাৰ কৰিছে।

তেওঁলোকে কয় যে শিক্ষানুষ্ঠানখনৰ মৰ্যাদা আৰু তিনিওজন ভাতৃৰ ভাবমূৰ্তি নষ্ট কৰিবৰ বাবে বাহিৰৰ পৰা এইসমূহ চক্ৰান্ত চলি আছে।

উল্লেখযোগ্য যে ২০১৯ চনৰ নৱেম্বৰত মৃত্যু হোৱা ৰমাকান্ত গুন্ডেচ আৰু তেওঁৰ ভাতৃ উমাকান্তই ২০১২ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

তেওঁলোকৰ সংগীত শিক্ষানুষ্ঠানলৈ দেশ-বিদেশৰ পৰা শিক্ষাৰ্থীয়ে ধ্ৰুপদী সংগীতৰ শিক্ষালাভৰ বাবে নামভৰ্তি কৰি আহিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই ঘটনাৰ বাতৰিটো প্ৰকাশ পোৱাৰ পাছতে শুভা মুদ্গল, নীলা ভাগৱট, টি.এম. কৃষ্ণাকে ধৰি বহুকেইজন বিশিষ্ট সংগীতশিল্পীয়ে গুন্দেচা ব্ৰাদাৰ্ছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।

তেওঁলোকৰ মতে, গুন্ডেচা ব্ৰাদাৰ্ছে সংগীতৰ পবিত্ৰতা নষ্ট কৰিছে।

উল্লেখযোগ্য তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতনৰ এই অভিযোগ নতুন নহয়।

২০২০ চনৰ ৪ চেপ্টেম্বৰত এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ কৰাৰ পাছতে শিক্ষানুষ্ঠানখনৰ পৰা অখিলেশ গুন্ডেচাই অব্যাহতি লৈছিল।

আনকি সেই বৰ্ষৰে ‘তানসেন সমাৰোহ’তো তেওঁক নিষিদ্ধ কৰা হৈছিল।