NORTHEAST NOW (Assamese)
অসম

টি-২০ বিশ্বকাপৰ খিতাপ দখলৰ সপোন দেখি আছে পাকিস্তানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 8:50 pm

চলিত বছৰৰ অক্টোবৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছে টি-২০ বিশ্বকাপ। কিন্তু ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে প্ৰতিযোগিতাখন সময়ত অনুষ্ঠিত হ’বনে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

প্ৰতিযোগিতাখন নিৰ্ধাৰিত সময়ত হ’বনে নহয় তাক লৈ বিভিন্ন ধৰণৰ খবৰ প্ৰচাৰ হৈ থকাৰ সময়তে পাকিস্তানে কিন্তু নিজকে টি-২০ বিশ্বকাপৰ দাবীদাৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছে।

পাকিস্তান ক্ৰিকেট দলৰ অনুভৱী বেটছমেন ছোৱাইব মালিকে কয় যে টি-২০ বিশ্বকাপত পাকিস্তানৰ দলটো শক্তিশালী হ’ব আৰু খিতাপ অৰ্জন কৰিব।

৩৮ বছৰীয়া মালিকৰ মতে, ‍‘আমাৰ দলটোৱে টি-২০ বিশ্বকাপ দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এনেধৰণৰ‌ টুৰ্ণামেণ্ট জয়ী হ’বলৈ হ’লে ভাল বলিং আক্ৰমণ লাগে আৰু সেইটো আমাৰ আছে’।

তেওঁ লগতে পাকিস্তানৰ বেটিং লাইনআপ আৰু ফিল্ডিং যোৱা কেইবছৰমানৰ তুলনাত উন্নত হোৱা বুলিও মন্তব্য কৰে।

ইয়াৰ উপৰি খেলুৱৈসকলৰ ফিটনেছ যথেষ্ট উন্নত সাধন হোৱা বুলি মন্তব্য কৰি পাকিস্তানে টি-২০ বিশ্বকাপৰ বিজয়ী হ’ব বুলি মন্তব্য কৰে মালিকে।