NORTHEAST NOW (Assamese)
অসম

চৰাইদেউ পুলিচ ৰিজাৰ্ভত ৰখা হৈছে আলফাই মুক্তি দিয়া ৰাম কুমাৰক, গুৱাহাটীত মিলন হ’ব পৰিয়ালৰে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 5, 2021 3:34 pm
a myanmar

অপহৃত কুইপ’ কোম্পানীৰ কৰ্মচাৰী বিহাৰৰ ৰাম কুমাৰক আজি মুকলি কৰি দিয়ে আলফা(স্বাধীনে) ।

বৰ্তমান অসম আৰক্ষীৰ জিন্মাত আছে ৰাম কুমাৰ।

চৰাইদেউ পুলিচ ৰিজাৰ্ভত ৰখা হৈছে ৰাম কুমাৰক।

ইয়াৰ পৰা গুৱাহাটীলৈ নিয়া হব ৰাম কুমাৰক।

গুৱাহাটীত পত্নীৰ হাতত চমজাই দিব ৰাম কুমাৰক। ইতিমধ্যে বিহাৰৰ সমষ্টিপুৰৰ পৰা পৰিয়ালৰ লোক গুৱাহাটীলৈ আহিছে বুলি জানিব পৰা গৈছে।

নাগালেণ্ড ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাৰ লংৱাত আলফা(স্বাধীনে) মুকলি কৰি দিছিল ৰাম কুমাৰক।

ইয়াৰ পিছতে ৩৫ নং আছাম ৰাইফলছে নাগালেণ্ডৰ টিজিট থানালৈ আনে ৰাম কুমাৰক।

টিজিট থানাৰ পৰা চৰাইদেউ পুলিচ ৰিজাৰ্ভলৈ অনা হয় ৰাম কুমাৰক।