NORTHEAST NOW (Assamese)
অসম

চিকিৎসক, চিকিৎসাকৰ্মী কোভিড প’জিটিভ; বোকাখাত অসামৰিক চিকিৎসালয়ত অচলাৱস্থা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 11, 2020 6:09 pm
চিকিৎসক, চিকিৎসাকৰ্মী কোভিড প’জিটিভ; বোকাখাত অসামৰিক চিকিৎসালয়ত অচলাৱস্থা

বোকাখাত মহকুমাত কোভিড-১৯ ৰ সংক্ৰমণৰ ফলত তৃতীয়গৰাকী লোকৰ মৃত্যু হৈছে। মৃত লোকগৰাকী বোকাখাত মহকুমাৰ ৰাজাবাৰীৰ লোকেশ্বৰ বৰা ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত লোকেশ্বৰ  বৰাৰ মৃত্যু হয় ৷ ইয়াৰ পূৰ্বে বোকাখাত বালিজানৰ ৰুবুল আলী নামৰ লোক জনৰ চিকিৎসাধীন অৱস্থাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ বিপৰীতে দিল্লীত চিকিৎসাধীন অৱস্থা কভিড-১৯ ত আক্ৰান্ত হৈ অজিত শইকীয়া নামৰ লোক জনে মৃত্যু বৰণ কৰিবলগীয়া হৈছিল ৷ 

ইপিনে, বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চকে ধৰি মুঠ ১১ গৰাকী লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে ৷

ইয়াৰ ভিতৰত চিকিৎসক ডা০ অজিত দলৈ, এক্সৰে বিভাগৰ সহযোগী ৰমেন গগৈ, ৱাৰ্ড বয় দিলীপ শৰ্মা, গাড়ী চালক বিপিন তাঁতী, চিকিৎসা কৰ্মী বিকাশ বৰা, দিবাকৰ হাতীবৰুৱাৰ লগতে পাঁচ গৰাকী গৰাকী নাৰ্চ কোভিড-১৯ ত আক্ৰান্ত হৈছে ৷

চিকিৎসক আৰু চিকিৎসা কৰ্মী কোভিডত আক্ৰান্ত হোৱাৰ পাছত বোকাখাত অসামৰিক চিকিৎসালয়ত অচলাৱস্থাৰ সৃষ্টি হৈছে ৷

একেদৰে বোকাখাতত থকা গোলাঘাটৰ পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিলীপ কুমাৰ চৰকাৰো  কোভিড-১৯ ৰ  দ্বাৰা সংক্ৰমিত হৈছে ৷ বৰ্তমান গোলাঘাট কুশল কোঁৱৰ কোভিড কেয়াৰ চেন্টাৰত  চিকিৎসাধীন হৈ আছে বিষয়া গৰাকী ৷