NORTHEAST NOW (Assamese)
দেশ

স্বামীৰ সমুখতে চাৰি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ বলি মহিলা: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2022 12:57 pm
Woman Gang-Raped

দেশত ভয়াৱহ হাৰত বৃদ্ধি হোৱা ধৰ্ষণৰ দৰে লজ্জাজনক কাণ্ডৰ সময়তে পুনৰ ৰাজস্থানত সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণ কাণ্ড। ৰাজ্যখনৰ চিৰোহি জিলাত এগৰাকী ৪৫ বছৰীয়া মহিলাক তেওঁৰ স্বামীৰ সন্মুখতে চাৰি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভাষ্য অনুসৰি অভিযুক্ত চাৰি দুৰ্বৃত্তই ডকাইতি কৰাৰ উদ্দেশ্যৰে বুধবাৰে নিশা দম্পতীহালৰ ঘৰত প্ৰৱেশ কৰিছিল। দম্পতীহালে শুবলৈ লোৱাৰ সময়তে দুৰ্বৃত্ত কেইগৰাকী তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু দম্পতীহালক ৰছীৰে বান্ধি লয়।

ইয়াৰ পিছতে পুৰুষগৰাকীৰ পৰা নগদ ১,৪০০ টকা কাঢ়ি লোৱাৰ পিছত পুনৰ নগদ ধন আৰু অন্যান্য মূল্যৱান সামগ্ৰী দাবী কৰে চাৰি দুৰ্বৃত্তই। কিন্তু দম্পতীহালৰ ওচৰত কিছু ৰূপৰ গহনাৰ বাহিৰে আন একো সামগ্ৰী লাভ নকৰাত মহিলাগৰাকীক তেওঁৰ স্বামীৰ সন্মুখত ধৰ্ষণ কৰে বুলি দম্পতীহালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

জিলাখনৰ উপ আৰক্ষী অধীক্ষক জেঠু সিঙে সদৰী কৰা মতে শুকুৰবাৰে দম্পতীহালে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। এই অভিযোগৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক অভিযান আৰম্ভ কৰে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পুলিচ ষ্টেচনৰ সহায়ত অভিযুক্তক চিনাক্ত কৰা তথা সন্ধান চলোৱাত নামি পৰে।

“অভিযুক্ত চাৰি লম্পটৰ তিনিগৰাকীক শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। আনহাতে আনগৰাকী পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিছে।