NORTHEAST NOW (Assamese)
দেশ

ৰাজপথত ট্ৰেক্টৰ-লৰীৰ মুখামুখি সংঘৰ্ষ: দুৰ্ঘটনাত শিশুসহ ৫ গৰাকী নিহত, আহত ২০ গৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2022 2:26 pm
Tractor-lorry collision in Telangana

তেলেংগানাৰ সূৰ্যপেটত আজি পুৱতি নিশা ৰাজপথত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। সূৰ্যপেটৰ মুনাগালা নামৰ অঞ্চলত যাত্ৰাৰত এখন ট্ৰেক্টৰৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন লৰীৰ মুখামুখি সংঘৰ্ষৰ ফলত এটি শিশুসহ পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

প্ৰকাশিত খবৰ অনুসৰি লৰীখনত থকা লোকসকলে মুনাগালাৰ উপকণ্ঠত থকা ভগৱান আয়াপ্পা মন্দিৰত পূজা সমাপন কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল। যাত্ৰাৰ সময়তে মুনাগালাত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিল।

এই শোকাৱহ দুৰ্ঘটনাত লৰীখনত থকা থেনেৰু প্ৰমিলা (৩৫), চিন্তাকয়ালা প্ৰমিলা (৩৩), উদয় লোকেশ (৮), নাৰাগোনী কোটায়া (৫৫) আৰু গুণ্ডু জ্যোতি (৩৮)য়ে প্ৰাণ হেৰুৱায়।

আনহাতে ট্ৰেক্টৰখনত প্ৰায় ৩০ গৰাকী লোকে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে। ট্ৰেক্টৰখনে পথ ভুল কৰি হায়দৰাবাদ-বিজয়ৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰি আগুৱাই যোৱাৰ সময়তে, বিজয়ৱাড়া অভিমুখে যোৱা এখন দ্ৰুতবেগী লৰীৰ সৈতে সংঘৰ্ষ হয়।

দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় লোকৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে কাষৰীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।