NORTHEAST NOW (Assamese)
অসম

ল’ৱাৰ হাফলঙত পিষ্টল আৰু সক্ৰিয় গুলীৰ সৈতে এজনক আটক

Posted by: পংকজকুমাৰ দেব April 3, 2018 9:05 pm
Haflong_Arrest

সেনাৰ ৪৩ নং আছাম ৰাইফলছে আজি এক অভিযান চলাই ল’ৱাৰ হাফলঙৰ পৰা অস্ত্ৰৰ সৈতে ইন্দ্ৰজিত মজুমদাৰ নামৰ  যুৱকক আটক কৰে। ইন্দ্ৰজিতৰ পৰা অভিযানকাৰী দলটোৱে  আমেৰিকাত নিৰ্মিত ৭.৬৫ এম এমৰ এটা পিষ্টলৰ লগতে সক্ৰিয় গুলী জব্দ কৰে। আনহাতে দুটা ফ’ৰ জি ছিমকাৰ্ড আৰু অন্যান্য আপত্তিকৰ বস্তু উদ্ধাৰ কৰে বুলি সূত্ৰটোৱে জনাইছে।

উল্লেখনীয় যে ইন্দ্ৰজিত মজুমদাৰ ইয়াৰ আগতেও একাধিকবাৰ ধন দাবী  তথা অসামাজিক কামকাজত লিপ্ত থকাৰ কাৰণে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত কেইবাবছৰ থাকিব লগীয়া হৈছিল। জানিব পৰামতে ইন্দ্ৰজিত এটা উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছিল।

Haflong_Arrest_2

উগ্ৰপন্থী সংগঠনটোত থাকোঁতে তেওঁৰ নাম আছিল টাৰ্জেন ডিমাচা। কিন্তু আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল যদিও তেওঁ সময়ে সময়ে অসামাজিক কামৰ কাৰণে  গ্ৰেপ্তাৰ হ’ব লগা হৈছিল। একেদৰে আজিও ইন্দ্ৰজিত পিষ্টলসহ আটক হ’ব লগীয়া হয়।

অৱশ্যে ইন্দ্ৰজিতে কয় যে তেওঁক আছাম ৰাইফেলছে বিনা জগৰত আটক কৰিছে। তেওঁ বাংগালুৰুত এটা বেচৰকাৰী সংস্থাত কাম কৰি আছিল। কিন্তু ছুটিত ঘৰত অহাৰ পিছতে আছাম ৰাইফেলছে আটক কৰে। বৰ্তমানে ইন্দ্ৰজিত হাফলং আৰক্ষী থানাত আছে।