NORTHEAST NOW (Assamese)
অসম

১৯৭২লৈ হ্ৰাস অসমত সক্ৰিয় ক’ভিড ৰোগী, আৰোগ্যৰ হাৰ ৬৩.২%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 11:25 pm
COVID19: 2310 persons discharged in Assam on Friday

আৰু ৪৪গৰাকী নতুন ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমত দেওবাৰে সক্ৰিয় ৰোগী ১৯৭২লৈ হ্ৰাস পাইছে।

শেহতীয়াকৈ ক’ভিড-মুক্ত ব্যক্তিসকল কামৰূপ মহানগৰ জিলাৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰি কয় যে এইসকল ব্যক্তিৰ মুক্তিৰ লগে লগে অসমে আৰোগ্যৰ হাৰ ৬৩.২% স্পৰ্শ কৰিলে।

দেওবাৰে ইয়াৰ পূৰ্বে মুকলি কৰা ১৫৮গৰাকী ক’ভিড-১৯ মুক্ত ব্যক্তিক ধৰি দিনটোত এইপৰ্য্যন্ত ২০২গৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

যোৱা ১৬ জুনত অসমত ক’ভিড আৰোগ্যৰ সংখ্যাই সক্ৰিয় ৰোগীক অতিক্ৰম কৰিছিল।

অসমত এতিয়ালৈকে ৫৩৮৮গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

ইয়াৰে নগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইফালে আন এক টুইটযোগে স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে যোৱা দুটা দিনত অসমে দিনে ১৫০০০তকৈ অধিক ক’ভিড-১৯ টেষ্ট সম্পন্ন কৰিছে।

অসমত এতিয়ালৈকে সম্পন্ন ক’ভিড-১৯ টেষ্টৰ সংখ্যা হৈছে ২৮৮,৬৭৭টা।