NORTHEAST NOW (Assamese)
অসম

শনিবাৰৰ পৰা শ্বিলং বিমানবন্দৰত আৰম্ভ হৈছে ইন্ধন পূৰ্তি সেৱা

Posted by: এন ই নাও নিউজ March 11, 2018 11:26 am
Shillong-airport-570x320

উমৰৈত অৱস্থিত শ্বিলং বিমানবন্দৰক এক নতুন মাত্ৰা প্ৰদান কৰি বিমানবন্দৰটোত অৱশেষত শনিবাৰৰ পৰা ইন্ধন ভৰোৱাৰ সুবিধা আৰম্ভ কৰা হৈছে।

এতিয়াৰে পৰা বিমানসমূহে ইয়াৰ যাত্ৰা সুগম কৰি তুলিবলৈ উমৰৈ বিমানবন্দৰত ইন্ধন ভৰাব পাৰিব।

ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেশ্যন লিমিটেড আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে দুয়োটা প্ৰতিষ্ঠানে শনিবাৰৰ পৰা উমৰৈ বিমানবন্দৰত ইন্ধন যোগান সেৱা আৰম্ভ কৰিছে।

বিমানবন্দৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে যে এতিয়া শ্বিলঙৰ দাঁতিকাষৰীয়া উমৰৈ বিমানবন্দৰত ইন্ধন পূৰোৱা সুবিধা আগবঢ়োৱাৰ পিছত বহুতো চাৰ্টাৰ্ড বিমান শ্বিলং বিমানবন্দৰত অৱতৰণ কৰি গুৱাহাটী বিমানবন্দৰলৈকে যোৱাৰ পৰিৱৰ্তে ইয়াতেই ইন্ধন ভৰাব পাৰিব।

ইয়াৰ আগেয়ে সকলো বিমানে ইন্ধন ভৰ্তি কৰাবলৈ গুৱাহাটী বিমানবন্দৰলৈকে যোৱাৰ বিকল্প নাছিল।

তদুপৰি উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা কৰা সৰু চাৰ্টাৰ্ড বিমানসমূহে ইন্ধন পূৰোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছিল। এতিয়াৰে পৰা এই সমস্যা দূৰ হ’ল আৰু এই অঞ্চলৰ মাজেৰে গতি কৰা বিমানসমূহে ইন্ধনৰ ঘাটি পূৰাবলৈ শ্বিলং বিমানবন্দৰত অৱতৰণ কৰিব পাৰিব।