NORTHEAST NOW (Assamese)

শাক-পাচলি আৰু ফল-মূল উৎপাদনেৰে বিখ্যাত ত্ৰিপুৰাৰ গাওঁখন

March 23, 2018 4:21 pm · পান্না ঘোষ

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহকুমাৰ অন্তৰ্গত টংচাৰা আৰু থাঙনাঙ গাওঁ দুখনকে ধৰি জইটাঙ গাওঁখন ১০০০ হেক্টৰ অঞ্চল বিয়পি আছে আৰু ৰসাল ফল উৎপাদনৰ বাবে ই বিখ্যাত।

কেঁচা কঠাল, আনাৰস, তামোল, নেমু, লিচু আদি  ইয়াৰ উৎপাদিত বিশেষত্ব থকা ফল।

গাওঁখন ১৯৬৮ চনত স্থাপন কৰা হৈছিল আৰু জন্মলগ্নৰে পৰা এই ফল-মূল আৰু শাক-পাচলিৰ উৎপাদনত জড়িত হৈ আছে।

ইয়াত মুঠতে ৰাংলং (হালম) সম্প্ৰদায়ৰ ৯২৭ গৰাকী ভোটাৰ আছে আৰু বাসিন্দাসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী।

বিগত বহু বছৰ ধৰি তেওঁলোকে এই শাক-পাচলি আৰু ফলৰ খেতি কৰি আহিছে আৰু এই সামগ্ৰীসমূহ ৰাজ্যৰ বাহিৰত বিক্ৰী কৰি আহিছে।

একমাত্ৰ চৰকাৰী সাহায্য আৰু সমৰ্থনৰ অভাৱৰ বাবে তেওঁলোকে ব্যৱসায় সম্প্ৰসাৰিত কৰিব পৰা নাই।

এই গাওঁখনৰ পৰা শাক-পাচলি আৰু ফলমূল ক্ৰয় কৰা গুৱাহাটীৰ এগৰাকী পাইকাৰী ব্যৱসায়ী প্ৰদীপ নাথে জানিবলৈ দিয়ে যে তেওঁলোকে এটা কেঁচা কঠাল ইয়াৰ পৰা ১০ টকাত ক্ৰয় কৰে আৰু বাহিৰত প্ৰতি কেজি ১০০ টকা দৰত বিক্ৰী কৰে।

লায়নলালমনি ৰাংলঙ আৰু তেওঁৰ পত্নী মাহুৱে ৰাংলঙে সামগ্ৰীসমূহ বিক্ৰীৰ বাবে  পেকেজিং কৰে।

অৱশ্যে, চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা নোপোৱাৰ বাবে তেওঁলোকে নিজৰ ব্যৱসায়টো আগবঢ়াব পৰা নাই।

 

Related News