NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

শিক্ষকক দৰমহা দিবলৈ ত্ৰিপুৰা চৰকাৰৰ হাতত পুঁজিৰ অভাৱ

Posted by: এন ই নাও নিউজ December 31, 2017 5:58 pm

পৰ্যাপ্ত পুঁজিৰ অভাৱৰ ফলত ত্ৰিপুৰা চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনত থকা শিক্ষক সকলক দৰমহা দিব পৰা নাই। ত্ৰিপুৰা শিক্ষা মন্ত্ৰী তপন চক্ৰবৰ্তীয়ে মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়লৈ লিখা এখন পত্ৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। পত্ৰখনৰ জৰিয়তে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী গাৰাকীয়ে শিক্ষক সকলৰ দৰমহা দিব পৰাকৈ ৰাজ্য চৰকাৰৰ হাতলৈ পুঁজি হস্তান্তৰ কৰিবলৈ আহ্বান জনায়। আনহাতে পত্ৰখনৰ পৰা এই কথা জানিব পৰা গৈছে যে ৰাজ্য চৰকাৰৰ অনুমোদিত খালী পদত নিযুক্ত শিক্ষক পদ সমূহৰ দৰমহাৰ বাবে কেন্দ্ৰৰ ফালৰ পৰা ধনৰ যোগান ধৰা নহয়। মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰৰ সিদ্ধান্তটোক একপক্ষীয় বুলি অভিহিত কৰাৰ লগতে প্ৰয়োজনীয় পুঁজি মোকলাই দিবলৈ কেন্দ্ৰীয় মন্ত্ৰ্যালয়ক আহ্বান জনায়। তাৰোপৰি মন্ত্ৰীজনে ত্ৰিপুৰাৰ শিশুসকলৰ শিক্ষা সুৰক্ষিত কৰাৰ স্বাৰ্থত বৰ্তমানে বৰ্তি থকা কেন্দ্ৰীয় ফ্লেগচিপ আঁচনিৰ আৰ্হিতে পুঁজি যোগান অব্যাহত ৰাখিবলৈ কেন্দ্ৰক অনুৰোধ জনায়।