NORTHEAST NOW (Assamese)

শিক্ষক সন্মিলনীয়ে তলাবন্ধ কাৰ্যসূচীৰে মোক ভীতি প্ৰদৰ্শন কৰি লাভ নাই : শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

June 18, 2018 7:08 pm · এন ই নাও নিউজ

“প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তলাবন্ধ কাৰ্যসূচীৰে মোক ভীতি প্ৰদৰ্শন কৰি লাভ নাই।” এই মন্তব্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। আজি ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে লোৱা তলাবন্ধ কাৰ্য্যসূচীক লৈ খৰ্গহস্ত হৈয়ে এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰীজনে। মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত পৰীক্ষাৰ দিনটোতে শিক্ষকসকলৰ এই তলাবন্ধ কাৰ্য্যসূচীক কঠোৰ সমালোচনা কৰিছে।

“ছাত্ৰ–ছাত্ৰীক পণবন্দী কৰি প্ৰতিবাদ কৰা কাৰ্য অনৈতিক–অসাংবিধানিক আৰু অবৈধ। চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী কামত সহযোগিতা আগ বঢ়াবই লাগিব।” এইদৰে কয় মন্ত্ৰীজনে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰাথমিক বিদ্যালয়বোৰৰ ছমহীয়া পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে এই তলাবন্ধ কাৰ্য্যসূচীৰ কথা ভালদৰে নিশ্চিত নোহোৱা বাবে পৰীক্ষা দিবলৈ বুলি বিদ্যালয়লৈ বুলি আহিছিল যদিও ঘূৰি যায়। কাৰণ শনিবাৰে ঈদৰ বাবে বিদ্যায়ল বন্ধ আছিল। আনহাতে তাৰ আগদিনালৈকে শিক্ষকসকলৰ এই তলাবন্ধ কাৰ্য্যসূচী সম্পৰ্কত থিৰ সিদ্ধান্ত হোৱা নাছিল বাবে ছাত্ৰ-ছাত্ৰীসকলক জনাব পৰা নাছিল শিক্ষকসকলে।

ইফালে শিক্ষামন্ত্ৰীজনে শিক্ষকসকলৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি এনেকুৱা দায়িত্বহীনতাক তেওঁ কেতিয়াও সহজভাৱে নলয় বুলি জানিবলৈ দিয়ে। “যদি তেওঁলোকে দায়িত্ব পালন নকৰে, তেন্তে অন্য শিক্ষকে দায়িত্ব গ্ৰহণ কৰিব।” বুলি মন্ত্ৰীজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য দিয়ে। তেওঁ কয় যে দৰমহা আসোঁৱাহ নিৰাময় কমিটীয়ে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত সঠিক পৰামৰ্শই দিছে।

অৱশ্যে মানি লোৱা-নোলোৱাটো তেওঁলোকৰ নিজা বিষয় বুলি কৈ মন্ত্ৰীজনে কাইলৈ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে আলোচনাত বহিব বুলি জানিবলৈ দিয়ে।

Related News