NORTHEAST NOW (Assamese)
অসম

শিক্ষাবিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে জালুকবাৰীত এ ই চিৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণা-পথ অৱৰোধ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 23, 2017 7:07 am
শিক্ষাবিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে জালুকবাৰীত এ ই চিৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণা-পথ অৱৰোধ

আজি জালুকবাৰীত সদৌ অসম চৰকাৰী ইঞ্জিনায়াৰিং মহাবিদ্যালয়ৰ ছাত্ৰ গোটে শিক্ষা বিভাগৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ইঞ্জিনায়াৰিং মহাবিদ্যালয়বোৰ পূৰ্বৰ দৰে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনলৈ আনি ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়ন পূৰ্বৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কৰিবলৈ দাবী জনোৱাৰ লগতে, তেওঁলোকৰ শৈক্ষিক বৰ্ষৰ যাতে কোনোপধ্য লোকচান নহয় তাৰো ব্যৱস্থা কৰিবলৈ দাবী জনায়। তেওঁলোকৰ জীৱনক লৈ ধেমালি নকৰিবলৈও চৰকাৰক সকীয়াই দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে ‘শিক্ষা বিভাগ হায় হায়’, ‘শিক্ষা মন্ত্ৰী নিষ্কৰ্মা’ আদি শ্ল’গান দিয়ে।