NORTHEAST NOW (Assamese)

শিলচৰত খিলঞ্জীয়া মঞ্চৰ সভা পাতিলে হাত সাবটি নাথাকো : বিজেপি জিলা যুৱ মৰ্চা, হিন্দু বাঙালী সংস্থা

May 24, 2018 7:24 pm · গৌতম তালুকদাৰ
Updated: May 25, 2018 5:48 pm

অনুপ চেতিয়া নেতৃত্বাধীন খিলঞ্জীয়া মঞ্চই শিলচৰত সভা পাতিলে হাত সাবটি বহি নাথাকিব বুলি সকীয়নি দিছে জিলা বিজেপি ( BJP )ৰ যুৱ মৰ্চা আৰু সদৌ অসম হিন্দু বাঙালী সংস্থাই। আনহাতে আলফা নেতা জিতেন দত্তও সংগঠন দুটাৰ ৰোষত পৰিছে।

খিলঞ্জীয়া মঞ্চই অহা ৩০ মে’ত শিলচৰত আহ্বান কৰা সভাখনৰ বাবে অনুমতি দিলে হাত সাবটি বহি নাথাকে বুলি সকীয়নি দি কাছাৰৰ উপায়ুক্তক আজি ২৪ মে’ত স্মাৰক পত্ৰ দিছে বিজেপিৰ যুৱ মৰ্চা আৰু সদৌ অসম বাঙালী হিন্দু সংস্থাই।

বিজেপিৰ জিলা যুৱ মৰ্চা আৰু সদৌ অসম হিন্দু বাঙালী সংস্থাৰ নেতৃত্বই শিলচৰত উপায়ুক্তক স্মাৰক পত্ৰ দিয়াৰ ছবি

খিলঞ্জীয়া মঞ্চ, অসমৰ কাছাৰ জিলা সমিতিয়ে অহা ৩০ মে’ত শিলচৰৰ নাগাতিলাত এখন সভাখনলৈ জিতেন দত্তক মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

সংগঠন দুটাই দাবী কৰে যে সংসদীয় সমিতিয়ে বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত বৰাকবাসীৰ মত লৈ যোৱাৰ পিছত খিলঞ্জীয়া মঞ্চৰ এই সভাৰ কোনো গুৰুত্ব নাই।

খিলঞ্জীয়া মঞ্চত দুষ্কৃতিকাৰীৰ বিচৰণ আছে বুলি উল্লেখ কৰি সংগঠনকেইটাই দাবী কৰে যে এন আৰ চিৰ কাম চূড়ান্ত হোৱাৰ প্ৰাকক্ষণত বৰাক উপত্যকাক অশান্ত আৰু অগ্নিগৰ্ভ কৰি তোলাৰ ষড়যন্ত্ৰ কৰা হৈছে।

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ বাবে অস্ত্ৰ হাতত ল’ম বোলা জিতেন দত্তক মুখ্য বক্তা হিচাপে মতাত বাঙালী হিন্দু সমাজ ক্ষুব্ধ বুলি সংগঠনকেইটাই ক্ষোভ কৰিছে।

বিজেপিৰ যুৱ মৰ্চাৰ জিলা সভাপতি সৌমিত্ৰ কুমাৰ দেব, জয়ন্ত ভট্টাচাৰ্য আৰু সদৌ অসম হিন্দু বাঙালী সংস্থাৰ নেতা বীৰেশ বেনাৰ্জী আৰু বাসুদেৱ শৰ্মাই সংগঠন দুটাৰ হৈ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

নৰ্থ ইষ্ট নাও-এ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি অহা খিলঞ্জীয়া মঞ্চ তথা আলফাৰ নেতা অনুপ চেতিয়া আৰু জিতেন দত্তৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে চেষ্টা কৰি আছে।

Related News