NORTHEAST NOW (Assamese)

শিলচৰত সদৌ কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সংস্থাৰ অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন

March 22, 2018 6:40 pm · গৌতম তালুকদাৰ

বৃহস্পতিবাৰে শিলচৰত সদৌ কাছাৰ-কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্ৰ সংস্থাই আৰক্ষীয়ে বুধবাৰে প্ৰতিবাদী সমদলকাৰীৰ ওপৰত চলোৱা লাঠী চলনাৰ প্ৰতিবাদ জনাই কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ প্ৰতিমূৰ্তি দাহ কৰে।

উল্লেখযোগ্য যে বুধবাৰে কৰিমগঞ্জ কলেজৰ দাস উপাধিৰ এগৰাকী ছাত্ৰীক অপহৰণ কৰা ঘটনা সন্দৰ্ভত আপহৰণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই ছাত্ৰ সংস্থাকেইটাই প্ৰতিবাদী সমদল উলিয়াইছিল।

ইফালে আৰক্ষীয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ তথা অপহৰণকৰীক গ্ৰেপ্তাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত নিৰ্মমভাৱে লাঠী চালনা কৰে।

ফলত বৃহস্পতিবাৰে ছাত্ৰ সংস্থা কেইটাৰ সংগঠিত শতাধিক ছাত্ৰ ছাত্ৰীৰ গোটে ৰাংগীৰ খাৰী পইণ্টত কৰিমগঞ্জ আৰক্ষীৰ ব্যৰ্থতাৰ কথা উত্থাপন কৰি অপহৃত ছাত্ৰীক শীঘ্ৰ উদ্ধাৰৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিক্ষোভ প্ৰৰ্দশন কৰে। তদুপৰি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা আৰু আটক কৰি থানাত দীৰ্ঘ সময় আবদ্ধ কৰি ৰখাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনায়।

আনহাতে প্ৰতিবাদকাৰী ছাত্ৰ সংস্থাকেইটাই অপহৃত ছাত্ৰী গৰাকীক আৰক্ষীয়ে শীঘ্ৰে উদ্ধাৰ নকৰিলে বৰাক উপত্যকা জুৰি গণ আন্দোলন গঢ়ি তুলিব জানিবলৈ দিয়ে।

Related News