NORTHEAST NOW (Assamese)
অসম

উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে

Posted by: কাজি জেইদুল ইছলাম March 22, 2018 6:28 pm
উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে

বৃহস্পতিবাৰে উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয়।

প্ৰাপ্ত তথ্য মতে বিশ্বনাথ চাৰিআলিৰ লেহুগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চতুদৰ্শ বিত্তীয় আয়োগৰ অধীনত মুঠ ৪,৩১,০০০ টকা ব্যয় সাপেক্ষে চাৰিআলি একাডেমী খেল পথাৰত বৃহস্পতিবাৰে শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰা হয়।

উক্ত শৰীৰ চৰ্চা মুকলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন আৰু দুৱাৰ মুকলি কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

এই শৰীৰ চৰ্চা কেন্দ্ৰটোত প্ৰায় ২ লাখ টকাৰ সা-সামগ্ৰী আগবঢ়ায় অঞ্চলটোৰ ‘বিপদ বন্ধু’ হিচাপে খ্যাত অকন শইকীয়াই।

শৰীৰ চৰ্চা কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথৰ কেইবাজনো সমাজকৰ্মীৰ লগতে বহু গণ্য-মান্য ব্যক্তি।