NORTHEAST NOW (Assamese)
অসম

শিলচৰ আৰক্ষীয়ে জব্দ কৰিলে দুখন বাৰ্মিজ চুপাৰীভৰ্তি ট্ৰাক, চাৰিজনক আটক

Posted by: শিবাশিষ চক্রবর্তী April 30, 2018 2:30 pm
Trucks

এক গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুযায়ী শিলচৰ আৰক্ষীয়ে যোৱা ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১১ বজাত অতৰ্কিত অভিযান চলাই দুখন বাৰ্মিজ চুপাৰীভৰ্তি ট্ৰাক জব্দ কৰাৰ উপৰি ইয়াৰ লগত জড়িত থকা ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে শিলচৰ আৰক্ষীয়ে টিএছআইৰ সহযোগত চলোৱা যুটীয়া অভিযানটোত ধৰা পৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে ক্ৰমে এএছ ০১ এইচ চি ৫৫৪২ আৰু এএছ ০১ জে চি ৩৬৫৮। ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে মুঠ ২০০ বেগ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত বাৰ্মিজ চুপাৰীখিনিৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষী সূত্ৰই।

শিলচৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত বাৰ্মিজ চুপাৰী কঢ়িয়াই অনা ট্ৰাক দুখন মিজোৰামৰ পৰা অনা হৈছিল। দুয়োখন ট্ৰাকৰ কোনো বৈধ চালান বা অন্য কোনো তথা- পাতি নথকাত আৰক্ষীয়ে ট্ৰাক দুখনৰ সৈতে ৪ জনক নিজৰ জিম্মাত লয়।

ইতিমধ্যে শিলচৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আটকাধীন ৪ জন লোকক জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা কেইজন হৈছে ক্ৰমে ইমানুৱেল চৌৰেই (১৯), হয়ৰিল চৌৰেই (২৫), পিটাৰ চৌৰেই (১৯) আৰু জয় চৌৰেই (২৭)। আটকাধীন আটাইকেইজনে কৰিমগঞ্জ জিলাৰ বাজাৰিচেৰা আৰক্ষী চকীৰ অন্তৰ্গত মগুৰা পুঞ্জীৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।