NORTHEAST NOW (Assamese)

শিৱসাগৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত বিদেশী পৰ্য্যটক, শিল্পী আৰু ভক্তৰ ভিৰ

February 14, 2018 12:28 pm · হিতুজ্জল চেতিয়া
শিৱসাগৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত অষ্ট্ৰেলিয়াৰ শিল্পী Peteris Ciemitis.
মহা শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে অনুষ্ঠিত শিৱ মহোৎসৱত দেশ-বিদেশৰ বহুতো শিল্পী, পৰ্য্যটক তথা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। ফলত যদিও এটা ধৰ্মীয় উৎসৱ, ই জিলাখনৰ পৰ্য্যটন আৰু শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখনকো সামৰি লৈছে। ১৩ ফেব্ৰুৱাৰিত ফ্ৰান্স, ৰোমানিয়া, অষ্ট্ৰেলিয়া, জাপান, ইটালী আদি দেশৰ পৰা অহা ভালেমান শিল্পীয়ে অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি কৰে। ১৩ তাৰিখৰ উল্লেখযোগ্য আকৰ্ষণবোৰৰ ভিতৰত অন্যতম আছিল পুৱা ৯ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় চিত্ৰ শিল্পীৰ দ্বাৰা চিত্ৰ অংকন কাৰ্য্যসূচী।
ইয়াত ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ৰোমানিয়া, ইটালী আৰু ফ্ৰান্সৰ পৰা অহা মুঠ ৭জন চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰি ৰং-তুলিকাৰে নিজৰ ভাব-কল্পনাক ফুটাই তোলাৰ চেষ্টা কৰিছিল। সমাগম হোৱা লোকসকলৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছিল অষ্ট্ৰেলিয়াৰ চিত্ৰশিল্পী পিটাৰিছ চিমিটিছৰ (Peteris Ciemitis) শিল্পকৰ্মই। তেওঁ ৰঙৰ যাদুৰে শিৱৰ এক ৰূপ তুলি ধৰাৰ চেষ্টা কৰে।
সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় শিল্পী জাপানৰ মাচাকো ছাটো (Masako Sato) ৰ দ্বাৰা পৰিৱেশিত কথক নৃত্যও অন্যতম আকৰ্ষণ আছিল।
জাপানী কথক নৃতশিল্পী masako sato. (ফাইল ফটো)
চাৰিদিনীয়াকৈ আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱটোৰ ১৩ ফেব্ৰুৱাৰিত শিৱদৌলত কৰা মাংগলিক অনুষ্ঠানৰ পিছতে জিলাখনৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰৰ দ্বাৰা উদ্বোধন কৰা হয়। উপায়ুক্ত কোঁৱৰে তেওঁৰ বক্তব্যত সকলো স্তৰৰ লোককে অতিথিসকলক যথোচিত শুশ্ৰূষা আগ বঢ়াবলৈ আহ্বান জনায়।
আনহাতে উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা। শিৱসাগৰৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, গংগাপ্ৰসাদ বৰগোহাঁই, জিলা বিজেপিৰ সভাপতি ভবেন মহন, সোণোৱাল কচাৰী স্বায়ত্ত পৰিষদৰ প্ৰতাপ কচাৰী আদিও উপস্থিত আছিল।

তাচাই তেওঁৰ ভাষণত এই মহোৎসৱে শিৱসাগৰক পৰ্য্যটনৰ মানচিত্ৰত বিশেষ স্থান দিব বুলি কয়। আনহাতে অ’ এন জি চিয়ে শিৱসাগৰৰ আন্তঃগাঁথনিৰ বাবে ৩৬ কোটি টকা দিয়াৰ নিশ্চয়তা দিয়ে।

ইয়াৰ পিছতে মহোৎসৱৰ মূল স্থান ব’ৰ্ডিং খেলপথাৰত অন্যান্য কাৰ্যসূচীবোৰ পৰ্য্যায়ক্ৰমে চলাই নিয়া হয়। দিনৰ ভাগত ব’ৰ্ডিং খেলপথাৰত নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ভিতৰত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধ‍্যা ৫.৩০ বজাত শিৱসাগৰ সেউজীয়া সমাজ সংগীত মহাবিদ‍্যালয়ৰ শিল্পীবৃন্দই পৰিৱেশন কৰে শিৱ বন্দনা।

ইয়াৰ পাছত শিৱসাগৰ নটৰাজ কলাক্ষেত্ৰৰ শিল্পী সকলে পৰিবেশন কৰে মহিলা গায়ন-বায়ন অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়াত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়া, সংগীত শিল্পী সীমান্ত শেখৰ আৰু কুসুম কৈলাশে। অভিনেত্ৰীগৰাকী কাৰ্য্যসূচীৰ শেষৰ দিনা অৰ্থাৎ অহা ১৬ তাৰিখৰ ভাওনা প্ৰদৰ্শন অনুষ্ঠানতো উপস্থিত থাকিব বুলি জনা গৈছে।

আনহাতে ১৪ ফেব্ৰুৱাৰিৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছে বুলি আয়োজকৰ সূত্ৰই জনাইছে।

Related News