NORTHEAST NOW (Assamese)

শিৱসাগৰত ব’লবমলৈ অহা ভক্তই বিদ্যুৎস্পৃষ্ট হৈ আঁকোৱালি ল’লে মৃত্যুক

August 6, 2018 12:05 pm · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰত ব’লবম উছাহ, আনন্দৰ মাজতে আজি পুৱা এক অঘটন সংঘটিত হয়। দুৰ্ভাগ্যবশত ব’লবম লৈ অহা এজন ভক্ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।
প্ৰাপ্ত তথ্য মতে শাওন মাহ উপলক্ষে শিৱসাগৰৰ শিৱদ’ল চৌহদত চলি থকা অখণ্ড হৰিকীৰ্তনত সংযোগ কৰা অস্থায়ী বিদ্যুৎ সেৱাৰ তাঁৰত লাগি আজি পুৱা ব’লবমলৈ অহা ভক্তজনে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।
মৃত ব্যক্তি জনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে মৃত ব্যক্তি জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে।
ইফালে দ’ল উন্নয়ন পৰিষদৰ সম্পাদকে অভিযোগ উত্থাপন কৰি কয় যে অখণ্ড হৰিকীৰ্তন আয়োজন কৰা কমিটিৰ গাফলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।
লগতে ব’লবমলৈ অহা এজন ভক্ত এনেদৰে আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Related News