NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ডিমৌত সদৌ অসম ভিত্তিত ঝুমইৰ প্ৰতিযোগিতা : প্ৰথম স্থানৰ দলে পাব ১ লাখ টকাৰ পুৰস্কাৰ

Posted by: হিতোজ্জ্বল চেতিয়া June 20, 2018 10:29 am
Jhumur

ডিমৌৰ “চনাপুৰ সামাজিক উন্নয়ন সমিতি” চনাপুৰ ফাউণ্ডেইশ্যনৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অহা ২৬, ২৭, ২৮ আৰু ২৯ জুলাইত ডিমৌ ৰাজহুৱা খেলপথাৰত সদৌ অসম ভিত্তিত ঝুমুই বা ঝুমই নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

চাৰিদিনীয়া কাৰ্য্যসূচীৰে ডিমৌ ৰাজহুৱা খেলপথাৰ আৰু ডিমৌ ৰাজহুৱা ভৱনত এই প্ৰতিযোগিতাৰ কাৰ্য্যসূচীসমূহ ৰূপায়ণ কৰা হ’ব। আয়োজকে জনোৱামতে, ২৬ জুলাইৰ পুৱা ১০.৩০ বজাত প্ৰতিযোগিতাৰ উদ্বোধন কৰা হ’ব।

২৯ জুলাইৰ পুৱা ৯.৩০ বজাত কিশোৰ-কিশোৰী দলৰ ঝুমইৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ’ব। আবেলিলৈ মুকলি সভা আৰু বঁটা বিতৰণী সভা আৰু সন্ধিয়া সাত বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব।

আয়োজকসকলে জনোৱা মতে, সদৌ অসম ভিত্তিৰ এই ঝুমইৰ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলটোক এক লাখ টকা, দ্বিতীয় বিজয়ী দলটোক পঞ্চাচ হাজাৰ টকা আৰু তৃতীয় দলক নগদ ত্ৰিচ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব।

উল্লেখযোগ্য যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমীয়া সংস্কৃতিলৈ বিশেষ অৱদান আগ বঢ়াইছে চাহ জনগোষ্ঠী বা চাহ বাগিচাৰ কৰ্মী হিচাপে প্ৰায় দুশ বছৰৰ পূৰ্বে অসমলৈ অহা আদিবাসী লোকসকলে।

বৰ্তমান চাহ জনগোষ্ঠী বুলি পৰিচিত এই লোকসমাজৰ ঝুমইৰ নৃত্য-গীত হৈ পৰিছে অসমীয়া সংস্কৃতিৰ অন্যতম অংগ। অসমীয়া সংস্কৃতিৰ বৰপেৰাত ঝুমই বা ঝুমুৰে এক উচ্চ আসন অধিকাৰ কৰি আহিছে।

DemowJhumoi