NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ বকতাত আলফা (স্বা)ৰ কেডাৰ আটক

Posted by: অক্ষয় প্ৰনব কলিতা April 21, 2018 4:56 pm

শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত আজি সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান  চলাই এজন দুৰ্ধৰ্ষ আলফা (স্বা) কেডাৰ আটক কৰে।

ধৃত আলফাজনক বকতা কালিথানৰ প্ৰয়াত বিজয় চেতিয়াৰ পুত্ৰ নবদ্বীপ চেতিয়া বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে সেনাৰ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত জয়সাগৰ আৰু মাইবেলা স্থিত সেনা শিবিৰৰ জোৱানে আৰক্ষীৰ সৈতে মিলি বকতাৰ নেমুগুৰিৰ পৰা আলফা (স্বা) দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত আলফা কেডাৰজনৰ কবলৰ পৰা এটা ৯ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী আৰু এটা মোবাইল ফোন জব্দ কৰা হয়। পিছত তেওঁক নেমুগুৰি আৰক্ষী থানাত চমজাই দিয়া হয়।

আৰক্ষীয়ে জনোৱা মতে ধৃত নবদ্বীপ চেতিয়াই যোৱা এবছৰ ধৰি সংগঠনটোৰ বাবে ধন সংগ্ৰহ আৰু নতুন কেডাৰ ভৰ্তি কৰোৱাৰ সৈতে জড়িত হৈ আহিছিল।