NORTHEAST NOW (Assamese)
Popular Stories

দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো ড্ৰ’; টাইব্ৰেকাৰলৈ বিশ্বৰ ১ নম্বৰ কাৰ্লচেনৰ বিৰুদ্ধে ভাৰতীয় প্ৰজ্ঞানন্দৰ যুঁজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2023 7:53 pm

দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো  ড্ৰ’ হৈছে। ফলত ক্লাছিকেলৰ দুটা ৰাউণ্ডত কোনেও জয়ী হ’ব নোৱাৰিলে। ভাৰতৰ ৰমেশবাবু প্ৰজ্ঞানন্দ আৰু নৰৱেৰ মেগনাছ কাৰ্লচেনৰ মাজৰ খেলখন এইবাৰ মীমাংসা হ’ব টাইব্ৰেকাৰত। বৃহস্পতিবাৰে হ’ব টাইব্ৰেকাৰ। সেই টাইব্ৰেকাৰৰ পিছতহে পোৱা যাব বিশ্ব চেম্পিয়নগৰাকী।

মঙলবাৰে প্ৰথমখন ক্লাছিকেল মেচত বগা গুটি লৈ খেলিছিল প্ৰজ্ঞানন্দই। ফলত বুধবাৰে তেওঁ ক’লা গুটি লৈ খেলে। আৰম্ভণি কৰে কাৰ্লচেনে। আৰম্ভণিতে দুয়োজন প্ৰতিযোগীয়ে দ্ৰুতগতিত চাল আগবাঢ়িছিল। দুৰ্দান্ত খেল চলি আছিল। প্ৰজ্ঞাই কাৰ্লচেনৰ আক্ৰমণাত্মক খেলৰ ভালদৰে মোকাবিলা কৰিছিল। দুয়োজন প্ৰতিযোগীয়ে নিজৰ ‘কুইন’ক চম্ভালিবলৈ চেষ্টা কৰিছিল।

লগতে পঢ়ক: চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰযান-৩, ইতিহাস গঢ়িলে ভাৰতে; ইয়াৰ পিছত কি?

কিছু সময়ৰ পাছত দুয়োজনে ‘কুইন’ক হেৰুৱাব লগা হয়। ফলত খেলখন অলপ লেহেমীয়া হয়। দুয়োজনে যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু একোৱেই প্ৰতিপক্ষক শলঠেকত পেলাব নোৱাৰিলে। অৱশেষত প্ৰজ্ঞা আৰু কাৰ্লচেনে ৩০ টা মুভৰ পিছত খেলখন ড্ৰ’ কৰাৰ সিদ্ধান্ত লয়। এই ড্ৰ’ৰ ফলত দুয়োগৰাকী প্ৰতিযোগীৰ পইণ্ট হ’লগৈ ১।

বৃহস্পতিবাৰে টাইব্ৰেকাৰত সিদ্ধান্ত লোৱা হ’ব মেচখনৰ ফলাফলৰ। প্ৰথমে তেওঁলোকে ২৫ মিনিটৰ দুখন ৰেপিড মেচ খেলিব। তাত যদি কোনো সিদ্ধান্ত নহয় তেন্তে প্ৰজ্ঞানন্দ আৰু কাৰ্লচেনে ১০ মিনিটৰ দুখন ৰেপিড মেচ খেলিব। যদি তাতো কোনো সিদ্ধান্ত নহয় তেন্তে ১০ মিনিটকৈ দুখন ব্লিটজ প্ৰতিযোগিতা হ’ব। যদি সেই খেলখনতো কোনো বিজয়ী নহয় তেন্তে আন এখন ব্লিটজ প্ৰতিযোগিতা হ’ব। কোনো এজন ব্যক্তিয়ে জয়ী নোহোৱালৈকে এই প্ৰতিযোগিতা অব্যাহত থাকিব।