NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2025 11:18 am

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ কয় যে, ধৰ্মীয় আৱেগক আঘাত কৰা ভিডিঅ ফৰৱাৰ্ড কৰাৰ অৰ্থ এইটো নহয় যে কোনো ব্যক্তিক অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব পৰা।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ডিণ্ডোৰীৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অতিথি অধ্যাপক ডাঃ নসীম বানোক জামিন প্ৰদান কৰাৰ সময়তে আদালতে এই মন্তব্য কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত হোৱাটছএপ মেছেজ আৰু ভিডিঅ প্ৰচাৰ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

১৩ জুনত দিয়া আদেশত ন্যায়াধীশ অবনীন্দ্ৰ কুমাৰ সিঙে কয়, কেৱল এটা সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত কৰিব পৰা বাৰ্তা আৰু ভিডিঅ ফৰৱাৰ্ড কৰাৰ ভিত্তিত এজন ব্যক্তিক অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰি।

জানিব পৰা মতে, যোৱা ২৮ এপ্ৰিলত ডিন্দোৰি থানাত দিপেন্দ্ৰ যোগী নামৰ এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰাৰ পাছতে ডাঃ বানোক গ্ৰেপ্তাৰ কৰিছিল। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছ), ২০২৩ৰ ১৯৬, ২৯৯ আৰু ৩৫৩(২) ধাৰাত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

ইয়াত অভিযোগ কৰা হৈছে যে অধ্যাপকগৰাকীয়ে এটা সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ লক্ষ্যৰে হোৱাটছএপ গ্ৰুপত কিছুমান পোষ্ট প্ৰচাৰ কৰিছিল, লগতে ‘নয়া ৰাৱণ শীৰ্ষক ভিডিঅও প্ৰচাৰ কৰিছিল।

বানোৰ হৈ অধিবক্তা ঈশান দত্ত আৰু জ্যেষ্ঠ অধিবক্তা মনীষ দত্তই যুক্তি আগবঢ়ায় যে তেওঁ এগৰাকী শিক্ষিত মহিলা আৰু কোনো সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল।

জামিনৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তা ৰবীন্দ্ৰ শুক্লাই দাবী কৰে যে আৱেদনকাৰীয়ে ইচ্ছাকৃতভাৱে হোৱাটছএপ মেছেজ আৰু ভিডিঅটো ফৰৱাৰ্ড কৰি ধৰ্মীয় আৱেগক আঘাত হানিছে।

অৱশ্যে অধ্যাপকগৰাকীৰ বিৰুদ্ধে আন কোনো অপৰাধ পঞ্জীয়ন হোৱা নাই বুলিও তেওঁ কয়। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি গোচৰৰ ডায়েৰী পুনৰীক্ষণ কৰাৰ পিছত ন্যায়াধীশ সিঙে তথ্য আৰু পৰিস্থিতি বিবেচনা কৰি জামিন প্ৰদান কৰাটো উপযুক্ত বুলি বিবেচনা কৰে।