NORTHEAST NOW (Assamese)

শিৱৰাত্ৰি উপলক্ষে ভক্তই পূজা আগবঢ়ালে গুৱাহাটীৰ বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰত : আয়োজকৰ মতে পূৰ্বতকৈ কমিছে ভিৰ

February 14, 2018 5:16 pm · কল্পজ্যোতি শইকীয়া
Updated: February 14, 2018 5:35 pm
বশিষ্ঠ শিৱ মন্দিৰত ভক্তৰ পূজা

অইন বাৰৰ দৰেই আজিও শিৱৰাত্ৰি উপলক্ষে বহুসংখ্যক ভক্তই গুৱাহাটীৰ বশিষ্ঠত থকা শিৱ মন্দিৰত পুৱাৰে পৰা পূজা আগবঢ়াই।

বশিষ্ঠ মন্দিৰ পৰিচালনা কমিটিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে ‘বশিষ্ঠাশ্ৰমত চাৰি প্ৰহৰৰ পূজা অনুষ্ঠিত হয়।’

‘আজি মহা শিৱৰাত্ৰি উপলক্ষে নিশা প্ৰায় ৮ বজাৰ পৰা ওৰে নিশা যজ্ঞ অনুষ্ঠিত হ’ব। যজ্ঞৰ সমান্তৰালকৈ নাম-প্ৰসংগ চলি থাকিব’ বুলি উদ্যোক্তামণ্ডলীয়ে জানিবলৈ দিছে।

যজ্ঞৰ পিছত অৰ্থাৎ কাইলৈ পুৱা ভক্তসকলৰ মাজত পূজাৰ প্ৰসাদ বিতৰণ কৰা হ’ব।

আজি পুৱাৰেপৰা ভক্তৰ ভিৰ দেখা গৈছে যদিও ‘পূৰ্বৰ তুলনাত ভক্তৰ ভিৰ এইবছৰ কম’ হোৱা বুলি আয়োজকসকলে জনাইছে।

আনহাতে কিছুসংখ্যক ভক্তই ‘শিৱৰাত্ৰিৰ দিনাখনো বশিষ্ঠ মন্দিৰৰ পৰিৱেশ লেতেৰা হৈ থকাৰ অভিযোগ’ তুলিছে। তেওঁলোকে মন্দিৰ পৰিচালনা কমিটি তথা মহানগৰ প্ৰশাসনক আশ্ৰমৰ পৰিৱেশটো পৰিস্কাৰকৈ ৰাখিবৰ বাবে আহ্বান জনায়।

আয়োজকসকলে জনাই যে, ‘আখ্যান মতে ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয়। নিৰূপায় হৈ বশিষ্ঠ মুনি ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত ব্ৰহ্মাৰ উপদেশ অনুসৰি সন্ধ্যাচল পাহাৰত তেওঁ বিষ্ণুক আৰাধনা কৰিবলৈ আৰম্ভ কৰে আৰু তপস্যাত বিষ্ণু সন্তুষ্ট হয়।’

‘বশিষ্ঠই সন্ধ্যা, ললিতা আৰু কান্তা- এই ত্ৰিধাৰাৰে গংগাক নমাই আনে। ত্ৰিধাৰৰ সংগমস্থল আজিৰ বশিষ্ঠতে গা ধুই আৰু পানী পি বশিষ্ঠই পূৰ্বৰ ৰূপ ঘূৰাই পায়’ বুলি জনশ্ৰুতি আছে।

আয়োজকসকলে জনোৱা মতে বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল।

 

Related News