NORTHEAST NOW (Assamese)

শুৱালকুছি ট্ৰেড মাৰ্কৰ হ’ল’গ্ৰাম উন্মোচন কৰিলে অভিনেত্ৰী বৰষাৰাণীয়ে

May 28, 2018 10:12 am · এন ই নাও নিউজ
শুৱালকুছি ট্ৰেড মাৰ্কৰ হ’লগ্ৰাম উন্মোচন কৰাৰ মুহূৰ্তত অভিনেত্ৰী বৰষাৰাণী বিষয়া। ফটো : ইউ বি

‘শুৱালকুছি অসমীয়া জাতিৰ গৌৰৱ। অসমীয়া জাতিৰ জাতীয় সংস্কৃতিক প্ৰাণ উদ্বলিত কৰা শুৱালকুছিৰ শিপিনীৰ ৰিহা, মেখেলা, চাদৰ বিশ্ববন্দিত। অসমীয়া সংস্কৃতিৰ ঐতিহ্য সজীৱ কৰি ৰখা শুৱালকুছিৰ ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ।‘ শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে  লাভ কৰা শুৱালকুছি ট্ৰেড মাৰ্কৰ হ’লগ্ৰাম উন্মোচন কৰি শনিবাৰে নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ মঞ্চৰপৰা সমৱেত ৰাইজক উদ্দেশ্যি বিশিষ্ট অভিনেত্ৰী বৰষাৰাণী বিষয়াই এইদৰে কয়।

অসমীয়া জাতি সময়ে সময়ে ভাবুকিৰ সন্মুখীন হৈ অহা প্ৰসংগত তেওঁ লগতে কয় যে অসমীয়া জাতিৰ জাতীয় অস্তিত্বৰ সংকটৰ সময়তো শুৱালকুছিৰ হস্ততাঁত শিল্পই স্বাভিমান ৰক্ষা কৰি আহিছে।

জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে লগতে কয় যে কেইবাশ বছৰ পুৰণি শিল্পটো ন্যস্তস্বাৰ্থ জড়িত এচাম অসাধু ব্যৱসায়ীয়ে শুৱালকুছিৰ আৰ্হিৰ নকল বস্ত্ৰ আমদানি কৰি ভাবুকিৰ সৃষ্টি কৰিছে।

জাতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ শুৱালকুছিৰ ৰেচম শিল্পটো বিকলাংগ হ’লে অসমীয়া সাংস্কৃতিক ঐতিহ্য বিপদাপন্ন হ’ব। তেওঁ কয় যে ২০১৩ চনত বহিঃৰাজ্যৰ ভেজাল বস্ত্ৰৰ আগ্ৰাসনৰ বিৰুদ্ধে শুৱালকুছিত গণ বিক্ষোভ হৈছিল।

আনহাতে, শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰৰ পেটেণ্ট মন্ত্ৰালয়ে প্ৰদান কৰা শুৱালকুছি ‘ট্ৰেড মাৰ্ক’ শিল্পটোৰ বাবে ইতিবাচক পদক্ষেপ। শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে বিগত পাঁচ বছৰ ধৰি ‘ট্ৰেড মাৰ্ক’ৰ বাবে চলোৱা প্ৰচেষ্টাৰ শলাগ লৈ মোহময়ী অভিনেত্ৰীগৰাকীয়ে তাঁতশিল্প ঐতিহ্য ৰক্ষাৰ সংগ্ৰামৰ অংশীদাৰ হ’বলৈ পাই নিজকে ধন্য মানিছে বুলি উল্লেখ কৰে।

অসমীয়া ৰেচমৰ মেখেলা-চাদৰ ব্যৱহাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ সম্ভৱপৰ সকলো কৰিবলৈ প্ৰয়াস কৰিব বুলিও শুৱালকুছিবাসী ৰাইজক অভিনেত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

Related News