NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীৰ ঘোষণা আৰু বিদ্যুৎ বিভাগৰ নমুনা : বঙাইগাঁৱত গছৰ ডালেই বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা

May 22, 2018 8:18 pm · ইয়াছিন আলী

দেশৰ প্ৰত্যেকখন গাঁৱতে বিদ্যুৎ সংযোগ সম্পুৰ্ণ হোৱা বুলি প্ৰধান মন্ত্ৰী মোদীয়ে অলপতে ঘোষণা কৰিছিল যদিও এতিয়াও অসমৰে বহু ঠাই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে কিছু ঠাইত আকৌ বাঁহৰ খুটাতে বিদ্যুৎ পৰিবাহী তাঁৰ আঁৰি থোৱা দেখা যায়।

বঙাইগাঁও জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত শ’লমাৰিতো দেখা গৈছে বিদ্যুৎ বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড। শ’লমাৰিৰ বিভিন্ন ঠাইত এতিয়া গছৰ ডাল, ঠাল ঠেঙুলীয়ে ১১,০০০ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা হিচাপে ব্যৱহাৰ হৈছে।

কোনো কোনো ঠাইত যদি গছৰ ঠালত বা ৰাস্তাৰ দুয়োকাষে থকা গছত চাং বান্ধি, আন কোনো ঠাইত আকৌ বাঁহৰ জোপোহাৰ মাজেৰে বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰ আঁৰি থোৱা পৰিলক্ষিত হৈছে। বহু ঠাইত হাতেৰে ঢুকি পোৱা উচ্চতাতে ওলমি আছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ।

বিদ্যুৎ বিভাগটোত চৰকাৰে প্ৰতি বছৰে কৌটি কৌটি টকা আঁচনি গ্ৰহণৰ ঘোষণা কৰি আহিছে যদিও শ’লমাৰিৰ এই অৱস্থাই বিভাগটোৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি ৰাইজে মন্তব্য কৰে।

যিহেতু এতিয়াও বহু ঠাইত বাঁহৰ খুটাৰে বিদ্যুৎ যোগান ধৰি অহা হৈছে একাংশ ৰাইজে উক্ত টকাসমূহ ক’ত যায় বুলিও প্ৰশ্ন তোলে। ইয়াৰ উপৰি অনিয়মীয়া বিদ্যুৎ বিলেও তেওঁলোকক অতিষ্ঠ কৰি তুলিছে বুলি বহুকেইজন লোকে অভিযোগ কৰে।

শ’লমাৰিত এতিয়া বিদ্যুৎ বিভাগৰ অৱহেলাৰ ফলত যিকোনো মূহুৰ্ততে ভয়াবহ দূৰ্ঘটনা সংঘটিত হব পাৰে। কিন্তু বিভাগটোক অৱগত কৰি অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ এইক্ষেত্ৰত নাই কোনো কাণসাৰ। যাৰ ফলত বিভাগ নিয়াৰিকৈ চলোৱাত বিদ্যুৎ মন্ত্ৰীগৰাকী ব্যৰ্থ হোৱাৰ কথাটোৱে প্ৰমাণিত হৈছে।

শ’লমাৰি গাঁৱৰ ৰাইজৰ এতিয়া এটাই দাবী, পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে যাতে তেওঁলোকৰ এইসমূহ সমস্যা সোনকালে সমাধাণ কৰে।

Related News