NORTHEAST NOW (Assamese)

শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ পুনৰ নিৰ্মাণৰ দায়িত্ব বি জে পি দলেই ল’ব : মুখপাত্ৰ বনমালী বড়ো

March 15, 2018 7:44 pm ·
Updated: March 15, 2018 10:06 pm

মঙলবাৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰা কাৰ্যক ৰাজ্যিক বি জে পিৰ মুখপাত্ৰ বনমালী বড়োৱে কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

আজি সন্ধিয়া ঘটনাস্থলী পৰিদৰ্শন কৰি দলটেৰ মুখপাত্ৰ বড়োৱে মূৰ্তি ভঙা অপকাণ্ডত জড়িত থকা প্ৰকৃত অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে জিলা প্ৰশাসনক ব্যৱস্থা ল’বলৈ কয়।

আনহাতে, দুৰ্বৃত্তই ভঙা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব বি জে পি দলেই ল’ব বুলি বি জি পি নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ লোকৰ আগত মন্তব্য কৰে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত মানিক সৰকাৰ নেতৃত্বাধীন চিপিআই(এম) চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱাৰ পাছৰে পৰা দেশত মূৰ্তি ভঙা কাৰ্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

কোকৰাঝাৰ চহৰৰ ৪ নং ৱাৰ্ডৰ ৰামকৃষ্ণ পথত থকা বি জে পিৰ আদৰ্শ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ক্ষতিসাধন কৰা কাৰ্যক বুধবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তীব্ৰ ভাষাৰে গৰিহণা দিছিল।

এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰীয়ে এনে কাৰ্যক কোনোপধ্যে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ ক্ষতি সাধন কৰা কাৰ্যত জড়িত থকা দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছিল।

Related News