NORTHEAST NOW (Assamese)

শ্যামা প্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ ক্ষতিসাধনৰ লগত জড়িতক শীঘ্ৰে কৰায়ত্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

March 14, 2018 7:04 pm · এন ই নাও নিউজ

কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত থকা বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিক শ্যামা প্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তি কোনো দুষ্কৃতিকাৰীয়ে কালি নিশা ক্ষতি সাধন কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বুধবাৰে এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰী সৰ্বানন্দই কয় যে এই কাৰ্য অতি নিন্দনীয় আৰু গৰিহণাযোগ্য। এনে কাৰ্য কোনোপধ্যে সহ্য কৰা নহ’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে সকীয়াই দিয়ে।

আনহাতে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ ক্ষতি সাধন কৰা কাৰ্যত জড়িত থকা দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছে।

লগতে এনে ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি হ’ব নোৱাৰে তাৰ বাবে যথোচিত নীৰিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে মঙলবাৰে নিশা কোকৰাঝাৰ চহৰত কোনো অচিনাক্ত দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল।

Related News