NORTHEAST NOW (Assamese)

শ্ৰীমন্ত শংকৰ একাডেমীত বিশ্ব যোগ দিৱস উদযাপন

June 21, 2018 12:31 pm · মুকুট দাস
Updated: June 21, 2018 3:01 pm

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি মহানগৰীৰ শ্ৰীমন্ত শংকৰ একাডেমীতো উলহ মালহেৰে বিশ্ব যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত প্ৰায় ২৭০০ শিক্ষাৰ্থীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী আৰু অন্যান্য ২০০ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত অসম ৰাজ্যিক প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ প্ৰতিনিধি মনীষা শৰ্মা আৰু সমীৰণ শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকে।দুয়োগৰাকীকে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা একোটাকৈ গছৰ পুলি আৰু গামোচাৰে সম্বৰ্ধনা জনায়।

অনুষ্ঠানটোত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত মনীষা শৰ্মাই বিদ্যালয় সমূহত যোগ দিৱস পালন সন্দৰ্ভত কয়—  ‘ছাত্ৰ- ছাত্ৰীসকলে যথেষ্ট শৃংখলাবদ্ধভাৱে যোগ প্ৰদৰ্শন কৰিলে। ইয়ে মোৰ স্কুলীয়া দিনৰ স্মৃতি সজীৱ কৰি তুলিলে।জীৱনত সুস্থ হৈ থকাৰ বাবে যোগ গুৰুত্বপূৰ্ণ’।

আনহাতে বিদ্যালয়খনৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই এই সন্দৰ্ভত কয়— ‘আমি ২০১৫ চনৰ পৰা বিশ্ব যোগ দিৱস পালন কৰি আহিছো।বিভিন্ন সংস্থাই এইক্ষেত্ৰত আমাক সহায়- সহযোগিতা আগবঢ়াই উৎসাহিত কৰি আহিছে’।উল্লেখযোগ্য যে অধ্যক্ষা গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত আমাৰ জীৱনত যোগৰ প্ৰাসংগিকতা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত মীনা গোস্বামীয়ে যোগ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে।

 

Related News