NORTHEAST NOW (Assamese)

সংগ্ৰহালয় কৰি তোলা হ’ব ডিব্ৰুগড়ৰ ৰূপকোঁৱৰৰ বাসগৃহটো

May 31, 2018 8:23 am · এন ই নাও নিউজ

ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটোক সংৰক্ষণ কৰি ইয়াক সংগ্ৰহালয় কৰাৰ পৰিকল্পনাৰে বিভিন্ন দিশ চালি চোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

বুধবাৰে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে এই উদ্দেশ্যেৰে তামোলবাৰী চাহ বাগিচাত উপস্থিত হয়। চাহ বাগিচাখনৰ মাজত ৰূপকোঁৱৰৰ বাসগৃহটো তেওঁলোকে পৰিদৰ্শন কৰে।

তেওঁলোকে বাগিচা কৰ্তৃপক্ষৰ সৈতে ৰূপকোঁৱৰৰ পৰিত্যক্ত বাসগৃহটো অসমৰ সাংস্কৃতিক জগতৰ নমস্য ব্যক্তিগৰাকীৰ কৰ্মৰাজিক প্ৰতিফলিত কৰা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি ৰাইজ তথা পৰ্যটকৰ বাবে সেইটো মুকলি কৰি দিয়াৰ বিষয়ে আলোচনা কৰে। বাগিচা কৰ্তৃপক্ষই এই সন্দৰ্ভত জিলা প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

এই সমগ্ৰৰ পৰিকল্পনাটো কাৰ্য ৰূপায়িত কৰাৰ বাবে ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, জিলা উপায়ুক্ত লয়া মাদুৰী, বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া আৰু চলচ্চিত্ৰ পৰিচালক চাৰুকমল হাজৰিকাক লৈ এখন সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক জিলা সাহিত্য সভাই আদৰণি জনাইছে।

Related News