NORTHEAST NOW (Assamese)

সংসদৰ বর্ষাকালীন অধিৱেশনত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

June 26, 2018 1:25 pm · এন ই নাও নিউজ

বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ- বিক্ষোভৰ জুই চলি থকাৰ বাবে কাৰ্যত অহা ১৮ জুলাইৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশনত বিধেয়কখন উত্থাপন নকৰে কেন্দ্ৰীয় চৰকাৰে৷

সোমবাৰে নতুন দিল্লীত এখন সংবাদমেলত এই ইংগিত দিছে সংসদীয় পৰিক্রমা মন্ত্রী অনন্ত কুমাৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা অৱগত বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীজনে কয় যে বিধেয়কখনৰ পর্যালোচনা কৰাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীখনে প্রথমে সংসদত নিজৰ প্রতিবেদন দাখিল কৰিব লাগিব তাৰ পাছতহে অন্য কথা আলোচনা কৰা হ’ব।

মন কৰিবলগীয়া যে কিছুদিনৰ পূর্বে যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্র আগৰৱালে বিধেয়কখন সন্দর্ভত এতিয়াও বহুখিনি কথা আলোচনা কৰিবলগীয়া আছে বুলি মত ব্যক্ত কৰি এই সম্পর্কত প্রতিবেদন দাখিল কৰোতে পলম হোৱাৰ কথা উল্লেখ কৰিছিল৷ বিধেয়কখনৰ সন্দর্ভত চূড়ান্ত প্রতিবেদন প্রস্তুত কৰাৰ পূর্বে আইনী আৰু সাংবিধানিক বিশেষজ্ঞৰ পৰাও পৰামর্শ লোৱা হ’ব বুলি জনাই তেওঁ অসমত চলি থকা এনআৰচি উন্নীতকৰণৰ কাম সমাপ্ত হোৱালৈ অপেক্ষা কৰাৰ কথাও ব্যক্ত কৰিছিল৷

প্রণিধানযোগ্য যে যোৱা ২৫ মে’ত যুটীয়া সংসদীয় কমিটীয়ে নতুন দিল্লীত এখন বিশেষ বৈঠকৰ আয়োজন কৰিছিল যদিও শেষ মুহূর্তত এই বৈঠকখন বাতিল কৰা হয়৷ এনে পৰিস্থিতিত সংসদৰ বর্ষাকালীন অধিৱেশনত বিতর্কিত এই বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা একেবাৰে খীণ হৈ পৰিছে৷

Related News