NORTHEAST NOW (Assamese)

সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পোষকতাৰে বি পি এফে আইন আয়োগক প্ৰদান কৰিলে স্মাৰকপত্ৰ

July 9, 2018 11:40 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ, উৎস : ইণ্টাৰনেট

দেশজুৰি পঞ্চায়ত, বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে অসম চৰকাৰৰ অন্যতম অংশীদাৰী দল বি পি এফে। দলটোৱে সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে এখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ভাৰত চৰকাৰৰ আইন আয়োগৰ অধ্যক্ষক।

বিটিচি প্ৰধান তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী স্বাক্ষৰিত স্মাৰকপত্ৰখন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আইন আয়োগৰ অধ্যক্ষ তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ড০ বি এছ চৌহানক প্ৰদান কৰে।

উল্লেখ্য যে পত্ৰখনৰ জৰিয়তে বি পি এফ দলে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব লাগে বুলি স্পষ্টৰূপত উল্লেখ কৰে। ইয়াৰ সমান্তৰালভাৱে অন্যান্য নিৰ্বাচন সমূহো একেলগে অনুষ্ঠিত কৰাৰ পোষকতা কৰে বুলি জানিব পৰা গৈছে।

আইন আয়োগৰ অধ্যক্ষক প্ৰদান কৰা স্মাৰকপত্ৰখনত উল্লেখ কৰি কয় যে সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব পাৰিলে ৰাষ্ট্ৰৰ সময়, সম্পদ আৰু ৰাজকোষৰ ধনৰ অপচয় ৰোধ হোৱাত সহায়ক হ’ব আৰু দেশখন কিছু পৰিমানে অৰ্থনৈতিকভাৱে স্বচ্চল হোৱাৰ উপক্ৰম হ’ব।

আনহাতে জনপ্ৰতিনিধিৰ শিক্ষাগত অৰ্হতাৰ বিষয়েও সিদ্ধান্ত ল’বলৈ স্মাৰকপত্ৰখনৰ জৰিয়তে বি পি এফ দলে দেশৰ আইন আয়োগক প্ৰস্তাৱ দাঙি ধৰে।

Related News