NORTHEAST NOW (Assamese)
অসম

সতী সাধনী দিৱস উপলক্ষে যোৰহাট আৰু গোলাঘাট জিলাত স্থানীয় বন্ধ ঘোষণা

Posted by: এন ই নাও নিউজ April 20, 2018 11:26 pm
বন্ধ

সতী সাধনী দিৱস উপলক্ষে কাইলৈ অৰ্থাৎ ২১ এপ্ৰিলত যোৰহাট জিলা উপায়ুক্তই জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। উক্ত বন্ধৰ দিনা জিলাখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব।

অৱশ্যে এন আৰ চি সম্বন্ধীয় কাম-কাজ আৰু শিক্ষানুষ্ঠান সমূহৰ পৰীক্ষাৰ কাম কাজ সমূহ পূৰ্বৰ সূচী অনুসৰি বাহাল থাকিব বুলি উপায়ুক্ত নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত জে.পি.ই.৪১/অংশ-১/১০৬ দিনাংক ২০/০৪/২০১৮ নম্বৰৰ আদেশৰ পৰা জানিব পৰা গৈছে।

একেদৰে গোলাঘাট জিলাতো সতী সাধনী জিৱস উপলক্ষে এন আই এক্ট অনুসৰি জিলা উপায়ুক্তই স্থানীয় বন্ধ ঘোষণা কৰিছে।

বন্ধৰ সময়ছোৱাত জিলাখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ থাকিব। অৱশ্যে যোৰহাট জিলাৰ দৰেও গোলাঘাট জিলাতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজ অব্যাহত থাকিব।