NORTHEAST NOW (Assamese)
অসম

আই পি এল নেখেলাৰ সিদ্ধান্ত ল’লে ডেথ বলাৰ স্পেচিয়েলিষ্ট লাছিথ মালিংগাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 2:30 pm

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (আই পি এল)ৰ ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছ দলৰ পৰা বাহিৰ হ’ল শ্ৰীলংকাৰ অভিজ্ঞ পেচ বলাৰ লাছিথ মালিংগা।

সম্পূৰ্ণ ব্যক্তিগত কাৰণৰ বাবে আগন্তুক আই পি এল ছিজনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰা বুলি ডেথ বলাৰ স্পেচিয়েলিষ্ট মালিংগাই জানিবলৈ দিয়ে।

মালিংগাই নিজৰ নাম প্ৰত্যাহাৰ কৰা প্ৰসংগত মুম্বাই ইণ্ডিয়ানছ দলে কয় যে শ্ৰীলংকৰ ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিছে আৰু সেয়ে তেওঁ আই পি এল নেখেলাৰ সিদ্ধান্ত লয়।

ইফালে মুন্বাই ইণ্ডিয়ানছ দলে মালিংগাৰ ঠাইত অষ্ট্ৰেলিয়াৰ পেচ বলাৰ জেমছ পেটিনছনক অন্তৰ্ভুক্ত কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে পেটিনছনে ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে চুক্তিবদ্ধ হৈছিল। কলকাতাত তেওঁ তিনিবছৰৰ বাবে চুক্তিবদ্ধ হৈ আছিল যদিও এখন মেচো খেলিবলৈ সুযোগ পোৱা নাছিল।

মুম্বাই ইণ্ডিয়ানছ দলৰ স্বত্তাধিকাৰী আকাশ আম্বানীয়ে কয়, ‍‘এই সপ্তাহৰ অন্তত আবু ধাবিত মুম্বাই ইণ্ডিয়ানছ দলত যোগ দিব পেটিনছনে’।

ইয়াৰ পূৰ্বে মালিংগাই আই পি এল এৰিব বুলি ইএছপিএন ক্ৰিক ইনফোৱে জানিবলৈ দি কয়, ‍‘মালিংগাৰ দেউতাক অসুস্থ আৰু অহা সপ্তাহত অপাৰেশ্যন হোৱাৰ সম্ভাৱনা আছে। সেয়ে মালিংগাই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰি আই পি এল নেখেলাৰ সিদ্ধান্ত লৈছে’।

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে এইবাৰ আই পি এল অহা ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ু এ ইত অনুষ্ঠিত হ’ব।