NORTHEAST NOW (Assamese)
অসম

বন্দুক এৰি তামোলৰ ঢকুৱা হাতত তুলি লৈছে তামুলপুৰৰ বৰঙাজুলিৰ প্ৰাক্তন বিদ্ৰোহীয়ে

Posted by: ছাজিদ খান Updated by: ছাজিদ খান September 3, 2020 2:34 pm
oda1

বুকুত স্বাধীনতাৰ সপোন বান্ধি এদিন তেওঁলোক ওলাই গৈছিল হাবিলৈ।

হাবিৰ মাজত অস্ত্ৰৰ কঠোৰ অনুশীলনে মনবোৰ কঠোৰ কৰি তুলিছিল তেওঁ লোকৰ।

দিন বাগৰাৰ লগে লগে তেওঁ লোকৰ যেন চকু মেল খালে।সশস্ত্ৰ বিপ্লৱেৰে সমাজৰ পৰিৱৰ্তন কৰাতো সম্ভৱ নহয়,এই কথা উপলব্ধি কৰিয়েই তেওঁলোক উভতি আহিছিল সমাজৰ মূল সূঁতিলৈ।

হাতৰ পৰা বন্দুক দলিয়াই দি তামুলপুৰৰ এই সকল প্ৰাক্তন বিদ্ৰোহীয়ে এতিয়া কৰ্ম সংস্কৃতিক জীৱনৰ মন্ত্ৰ কৰি লৈছে।

বাগছা জিলাৰ তামুলপুৰৰ বৰঙাজুলিৰ এই সকল প্ৰাক্তন বিদ্ৰোহীয়ে ভাৰতীয় সেনা আৰু পুনেৰ Aseem Foundation ৰ উদ্যোগত পেলনীয়া তামোলৰ ঢকুৱাৰে প্ৰস্তুত কৰিছে সুন্দৰ সুন্দৰ থাল,বাটি আদি।

বিবাহ -সবাহত আহাৰ পৰিৱেশনৰ বাবে ব্যৱহাৰ হোৱা তামোলৰ ঢকুৱাৰ থাল,বাটিয়ে সমগ্ৰ অঞ্চলটোতে বেছ সমাদৰ লাভ কৰিছে।সেনাৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰকল্পলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকেই অকুণ্ঠ সমৰ্থন আগবঢ়াইছে।

oda2

এনে প্ৰকল্পৰ সৈতে জৰিত হৈ কৰ্ম সংস্থাপনৰ বাট বিচাৰি পোৱাত এতিয়া নথৈ আনন্দিত প্ৰাক্তন বিদ্ৰোহী ডি সাগৰ, ৰোছান চেত্ৰী আদি।

এই প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা কেঁচা মাল যোগাৰ কৰা হয় ওচৰৰে গাঁও বোৰৰ পৰা।

উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হয় কাষৰে অঞ্চল সমূহত।

সেনাই প্ৰকাশ কৰা মতে এনে প্ৰকল্পত তেওঁলোকে আৰু অধিক প্ৰাক্তন বিদ্ৰোহীক নিয়োজিত কৰি ‘সুৰক্ষিত, বিকশিত,সৰ্ব শ্ৰেষ্ঠ অসম’ ৰাইজক উপহাৰ দিব বিচাৰিছে।