NORTHEAST NOW (Assamese)

সদ্যসমাপ্ত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব মে মাহত: উত্তৰবহী নিৰীক্ষণ আৰম্ভ

March 10, 2018 11:00 am · এন ই নাও নিউজ

সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অহা মে মাহত ঘোষণা কৰা হ’ব বুলি অসম মাধ্যমিক শিক্ষা পৰিষদ  চমুকৈ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই শুকুৰবাৰে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে সম্পন্ন হোৱা মেট্ৰিক পৰীক্ষাৰ উত্তৰবহী নিৰীক্ষণ প্ৰক্ৰিয়া ইতিমধ্যে শুকুৰবাৰৰ পৰা পৰা আৰম্ভ হৈছে।

উত্তৰবহী নিৰীক্ষণ প্ৰক্ৰিয়া সম্পৰ্কত পৰীক্ষা নিয়ন্ত্ৰক শৰ্মাই জনোৱা মতে,  সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ উত্তৰ বহীসমূহ নিৰীক্ষণ কৰাৰ বাবে ৩৪টা মণ্ডলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

আনহাতে, ১১টা মণ্ডলত গণিতৰ উত্তৰবহী  ডিজিটেল প্ৰক্ৰিয়াৰে নিৰীক্ষণ কৰা হ’ব বুলিও শৰ্মাই জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছেবাৰ কিছু সংস্কাৰ সাধন কৰি হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত কেতবোৰ নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ লগতে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰীক্ষাৰ উত্তৰবহী নিৰীক্ষণ কৰা হ’ব বুলিও প্ৰকাশ কৰিছিল।

কিন্তু তাৎপৰ্যমূলক কথা যে শিক্ষা মন্ত্ৰীৰ ঘোষণা তথা ডিজিটেল প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা নহ’ল। কেবল গণিত বিষয়ৰ উত্তৰবহীহে ডিজিটেল প্ৰক্ৰিয়াৰে নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই।

মূলতঃ পুঁজিৰ অভাৱতে সকলো বিষয়ৰ উত্তৰবহী ডিজিটেল প্ৰক্ৰিয়াৰে নিৰীক্ষণ কৰিব পৰা নহ’ল বুলি ছেবাই প্ৰকাশ কৰে।

ইয়াৰ উপৰি পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জানিবলৈ দি কয় যে অহা বৰ্ষৰ পৰাহে পৰীক্ষাৰ সকলো বিষয়ৰ উত্তৰবহী ডিজিটেল প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হ’ব। কিয়নো নিৰীক্ষণ প্ৰক্ৰিয়া যথেষ্ট ব্যয়বহুল। ইয়াৰ বাবে বৰ্তমান ছেবাৰ প্ৰয়োজনীয় সমল নাই।

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিজিটেল নিৰীক্ষণৰ কথা ঘোষণা কৰাৰ বিপৰীতে ছেবাই প্ৰয়োজনীয় সমল নাই বুলি কৰা মন্তব্যই শিক্ষা ব্যৱস্থাৰ ভেঙুচালিকে পুনৰ উদঙাই দিছে।

আনহাতে ৰাজ্য চৰকাৰে বহী নিৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে কোনো ধৰণৰ পুঁজি মোকলাই নিদিয়া বুলিও মন্তব্য কৰে নয়ন জ্যোতি শৰ্মাই।

আনহাতে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ মুঠ ৩ লাখ ৫৩ হেজাৰ ৫৩৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

Related News