NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশতে এন আৰ চিৰ ভিত্তিবৰ্ষ হ’ব লাগে ১৯৭১ চনৰ ২৫ মাৰ্চ: আৰ পি শৰ্মা

Posted by: এন ই নাও নিউজ January 2, 2018 8:55 am
সমগ্ৰ দেশতে এন আৰ চিৰ ভিত্তিবৰ্ষ হ’ব লাগে ১৯৭১ চনৰ ২৫ মাৰ্চ: আৰ পি শৰ্মা

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন আংশিক খচৰা প্ৰকাশ পোৱাৰ পিছতে ছ’ছিয়েল মিডিয়া যোগে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সাংসদ আৰ পি শৰ্মাই। অসমবাসীৰ ওচৰত বিতৰ্কিত সাংসদ ৰুপে পৰিচিত শৰ্মাই এন আৰ চিৰ ভিত্তিবৰ্ষ সমগ্ৰ দেশতে ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব লাগে বুলি মন্তব্য কৰে। যদিহে সমগ্ৰ দেশতে এই ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হয় তেন্তে চিনাক্তকৰণ হোৱা বিদেশীয়ে দেশৰ আন কোনো ৰাজ্যতে থাকিব নোৱাৰে। তদুপৰি ভাৰতত মুঠ ৫ কোটি বাংলাদেশী থকা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাংসদগৰাকীয়ে। ইয়াৰ উপৰি মমতা বেনাৰ্জীয়ে বাংলাদেশী নাগৰিকক ভাৰতলৈ অনুপ্ৰৱেশত প্ৰেৰণা তথা সহায় আগবঢ়াই আছে। একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশী লোকক আশ্ৰয় প্ৰদান কৰিছে। ইয়াৰ ফলত অনাগত দিনত বাংলাদেশীয়ে ভাৰতক যথেষ্ট পৰিমাণে ক্ষতি কৰিব। এনেদৰে ছ’ছিয়েল মিডিয়া যোগে গুৰুত্বপূৰ্ণ তথা বিতৰ্কিত মন্তব্য আগবঢ়াই তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাই।