NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ প্ৰথমখন খচৰা তালিকাক লৈ সংখ্যালঘু সংগঠনৰ সস্তুষ্টি প্রকাশ

Posted by: এন ই নাও নিউজ January 2, 2018 10:21 am
nrc in assam

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু অসম সংখ্যালঘু সংগ্রাম পৰিষদে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰাক লৈ সন্তুষ্টি প্রকাশ কৰিছে। সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে খচৰা খনৰ প্ৰতি সৰ্মথন প্ৰকাশ কৰি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুৰ ৰহমানে কয় যে অসম চুক্তিৰআধাৰত এন আৰ চিৰ কাম বহু বছৰ আগতে সম্পন্ন হ’ব লাগিছিল যদিও প্ৰতিখন চৰকাৰে তেওঁলোকৰ  ৰাজনৈতিক স্বাৰ্থৰ বাবে ইয়াক কার্যকৰী কৰা নাছিল, অৱশ্যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত বহু আকাংক্ষিত এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ পায়। তেওঁ প্ৰথমখন খচৰাত নাম প্ৰকাশ নোহোৱা প্রকৃত ভাৰতীয় লোকসকলক ভেটিগ্ৰস্থ নহ’বলৈ কোৱাৰ লগতে এইক্ষেত্ৰত পৰৱৰ্তী খচৰালৈ অপেক্ষা কৰিবলৈ আহ্বান জনায়। আনহাতে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজোম হুছেইনেও এক বিবৃতিযোগে ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথমখন খচৰাক আদৰণি জনায়। ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলো ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰৱৰ্তী খচৰাত প্রকাশ পাব মন্তব্য কৰি সাধাৰণ সম্পাদক গৰাকীয়ে প্ৰথমখন তালিকাৰ পৰা নাম বাদ পৰা সংখ্যালঘু লোকসকলক আতংকিত নহ’বলৈ বিবৃতিটােৰ জৰিয়াতে আহ্বান জনায়।